
ডিফুঃ ৮ নৱেম্বৰত প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰিছিল নোট বন্দীৰ৷ ঘোষণাৰ লগে লগে স্তদ্ধ হৈ পৰিছিল দেশ৷ ৫০০-১০০০ টকাৰ নোট বন্ধ কৰাৰ ফলত দেশত হাহকাৰ লাগিছিল৷ ৰোগী, লৰা-ছোৱালীৰ বিবাহৰ দিন থিক কৰা পৰিয়াল, শ্ৰমিক, দিনহাজিৰা কৰা লোকসকলে ব্যাপক সমস্যাত পৰিছিল৷ ২০০০ টকাৰ বাবে দিনৰ দিনটো বেংকত লাইনৰ থিয় দিব লগা হয় হাজাৰ হাজাৰ লোকে৷
পাহাৰীয়া জিলাৰ সদৰ ডিফুতো কংগ্ৰেছে কলা দিৱস পালন কৰে৷ কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত জিলা কংগ্ৰেছৰ কেন্দ্ৰীয় কাৰ্যালয়ত জিলা কংগ্ৰেছৰ সভাপতি তথা সাংসদ বিৰেণ চিং ইংতিৰ নেতৃত্বত প্ৰায় সহস্ৰাধিক দলীয় কৰ্মী সমৰ্থকে ডিফু চহৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়াই বিজেপি গ'বেক, নৰেন্দ্ৰ মোদী মূৰ্দাবাদ, কংগ্ৰেছ লং লিভ, অচ্ছে দিন কাহা গয়া, আদি ধ্বনিৰে ডিফুৰ আকাশ-বতাহ কঁপাই তোলে৷
কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক এ আৰ চৌধুৰী, প্ৰাক্তন বিধায়ক বিদ্যা চিং ইংলেং আৰু কংগ্ৰেছৰ বহু নেতা-কৰ্মী অংশ গ্ৰহণ কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক এ আৰ চৌধুৰীয়ে বিমুদ্ৰাকৰণৰ কু-ফল এতিয়া ভাৰতীয় সকলে ভোগ কৰি আছে বুলি কয়৷ বহুজাতিক কোম্পানীক সন্তুষ্ট কৰিবলৈ কৰা বিমুদ্ৰাকৰণে দৰিদ্ৰৰ নিদ্ৰা হৰণ কৰিছে৷ বিমুদ্ৰাকৰণে ক'লাধন পোহৰলৈ আনিব বুলি কোৱা মোদীৰ কু-মন্ত্ৰণাই কিমান ক'লা ধন ধৰা পৰিল বুলি প্ৰশ্ন কৰে৷ প্ৰতিশ্ৰুতি অনুসৰি দুখীয়া ৰাইজৰ শূণ্য একাউণ্টত ১৫ লাখৰ পৰিৱৰ্তে আজিলৈকে ফুটাকড়িও নোসোমাল বুলি কটুক্তি কৰে৷