কাৰ্বি পাহাৰত দুৰ্নীতিৰ বজাৰ, কাৰ্বি ফাৰ্মাৰ্চ এছচিয়েছনে প্ৰদান কৰিলে সকীয়নি

খেৰণিঃ কাৰ্বি আংলঙৰ বিভিন্ন বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰী সন্দৰ্ভত সততে সক্ৰিয় ভূমিকা পালন কৰি অহা কাৰ্বি ফাৰ্মাৰ্চ এছচিয়েছনে পুনৰ সকীয়নি প্ৰদান কৰিলে কাৰ্বি আংলং প্ৰশাসন তথা পৰিষদ কৰ্তপক্ষ৷ দুৰ্নীতি কোনো কাৰণত সহ্য নকৰাৰ হুংকাৰ প্ৰদান কৰি কৃষক সংগঠনটোৱে বৃহস্পতিবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰে৷

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’ বিধানসভা সমষ্টিৰ খেৰণিৰ কৃষক প্ৰশিক্ষণ কেন্দ্ৰ তথা অতিথিশালাত কাৰ্বি ফাৰ্মাৰ্চ এছচিয়েছনে সংবাদমেল অনুষ্ঠিত কৰি কাৰ্বি আংলঙত উন্নয়ণ আৰু বিকাশৰ নামত সংঘটিত দুৰ্নীতিৰ ৰহস্য ফাদিল কৰে৷ 

অনিয়ম আৰু দুৰ্নীতিৰে লুতুৰি-পুতুৰি হৈ থকা কেইবাটাও বিভাগৰ কথা ৰাষ্ট্ৰ কৰি চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰে৷ অনিয়ম আৰু দুৰ্নীতিক পাহাৰীয়া জিলাখনৰ পৰা আঁতৰ কৰি তথা ৰোধ কৰাৰ ব্যৱস্থা লোৱাৰ কথাও প্ৰকাশ কৰে সংগঠনটোয়ে৷

সংবাদমেলত বৈঠালাংছ’ গড়কাপ্তানী সংমণ্ডল তথা খেৰণি গঢ়কাপ্তানী উপ-সংমণ্ডলৰ অধিনৰ খেৰণি নেপালীবস্তী-ফৰেষ্ট বজাৰ সংযোগী পথ, ৱাটিজুৰ-দিখলম সংযোগী পথ, ঠেছ’ৰংহাং গাঁও-ছিলডুবী সংযোগী পথ, খেৰণি ডংকামোকাম গড়কাপ্তানী পথৰ পৰা ৰিকাংমিহম সংযোগী আদি কেইবাটাও গুৰুত্বপূৰ্ণ পথত বিভাগৰ বিষয়া-অভিযন্তা তথা ঠিকাদাৰে উন্নয়ণ, নিৰ্মান আৰু মেৰামতি আদিৰ কাম সম্পূৰ্ণ কৰা দেখুৱাই কাম নকৰাকৈয়ে অনিয়মেৰে লক্ষ লক্ষ টকাৰ লুণ্ঠন তথা শৰাধ কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷

বৈঠালাংছ’স্থিত গড়কাপ্তানী বিভাগৰ প্ৰশাসনিক অভিযন্তা কাৰ্যালয়ৰ চৌহদৰ প্ৰৱেশ দুৱাৰত লোৰে নিৰ্মিত তিনিখন গেট আৰি পূৰ্বে নিৰ্মান কৰা পুৰনি দেৱাল কেইখনকে ৰং সানি দেৱাল নিৰ্মান কৰা বুলি দেখুৱাই ঠিকাদাৰে ধন আত্মসাৎ কৰা বুলি সংগঠনটোৱে সংবাদমেলত অভিযোগ উত্থাপন কৰে৷ আনকি কাৰ্বি আংলঙত বহু চৰকাৰী কৰ্মচাৰীয়েও ঠিকাদাৰৰ ৰূপত অৱতীৰ্ণ হৈ উন্নয়ণৰ কামত বাধা দি নিজে ঠিকাৰ আৱন্টন লৈ জিলাখনত লুণ্ঠনৰাজ চলায় আহিছে বুলিও সংবাদমেলত গুৰুতৰ অভিযোগ উত্থাপন কৰে ফাৰ্মাৰ্চ এছচিয়েছনে৷ সংগঠনটোৰ চৰজমিন তদন্ত আৰু অনুসন্ধানত এই কথা স্পষ্ট হৈছে বুলি কয়৷

ৰাজ্য আৰু কাৰ্বি আংলং চৰকাৰক বিষয়সমুহৰ সন্দৰ্ভত শীঘ্ৰে তদন্ত কৰি শাস্তি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবী জনাই সংবাদমেলৰ জৰিয়তে৷ সংগঠনটোৰ দাবীক চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে সংগঠনটোৱে আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে৷ নকবাৰে লংৰি ছাৰ হাৱে আামাই-ৰ সম্পাদক ধনীৰাম ইংতি, খেৰণি শাখা নকবাৰে লংৰি ছাৰ হাৱে আামাই-ৰ ক্ৰমে সভাপতি ৰামছিং ফাংছ’, সম্পাদক হেমাৰি ইংতি, সদস্য মনছিং বে, চৰকাৰী গাওঁবুঢ়া ছিং টেৰাঙৰ লগতে আমপথাৰ গাঁৱৰ গাঁৱলীয়া গাঁওবুঢ়া বুলেশ্বৰ ইংহিয়ে সংবাদ মেলত উপস্থিত থাকি সংগঠনটোক সহায় কৰাৰ আশ্বাস দিয়ে৷