
খেৰণিঃ হাতী মানুহৰ সংঘাত পশ্চিম কাৰ্বি আংলঙত। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত বগৰীঘাট, ফেলাংপি, প্ৰিলো ,আদি গাঁৱবোৰত ধাৰাবাহিকভাৱে পষেক দিন ধৰি বনৰীয়া হাতীৰ এটা বৃহৎ জাকৰ উপদ্ৰব অব্যাহত থকাৰ সময়তে মংগলবাৰে পুৱাৰ ভাগত খেৰণিৰ তিনিঠাইত এটা বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হয় কিশোৰসহ তিনি জন লোক।
আক্ৰমণত নিহত হয় ক্ৰমে বাগিডুবিৰ গাঁৱৰ ইনাৰো চৌহানৰ পত্নী লক্ষীয়া দেৱী(৬৫), বলৰাম চৌহান পুত্ৰ মহিত চৌহান(১২), লাম্বাপথাৰ গাওঁৰ দলবাহাদুৰ থাপাৰ পত্নী পূৰ্ণিমা থাপা(৩৫) আৰু হাবাইপুৰৰ জিৰিবাছা গাঁৱৰ পদ্ম উপাধ্যাৰ পত্নী লক্ষ্মী দেৱী (৪৭)৷ আজি পুৱা ৬ বজাৰ পৰা ৭ বজাৰ ভিতৰত সংঘটিত হয় দুটাকৈ স্থানত পৃথকে পৃথকে তিনিতকৈ এই ভয়ংকৰ ঘটনা।
কুঁহিয়াৰ খেতিত কাম কৰি থকা অৱস্থাতে হঠাৎ কুঁহিয়াৰ খেতিৰ পৰা ওলাই আহি আক্ৰমণ কৰে হাটীটোয়ে। আনকি লাম্বাপথাৰত পশু ধনৰ ওপৰতো আক্ৰমণ কৰে বনৰীয়া হাতীটোয়ে। উল্লেখ্য যে, গোটেই নিশাটো সমগ্ৰ খেৰণি অঞ্চলত ৬০-৭০ জনীয়া এটা বনৰীয়া হাতী জাকে উপদ্ৰব চলাইছিল। এনে পৰিস্থিতিৰ পাছত গোটেই অঞ্চলেকইটাত শোকৰ ছাঁয়ে বিৰাজ কৰিছে৷