হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ উষ্ম সম্বৰ্ধনা

ছাইদুল ইছলাম, ডিফু

ডিফুঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰপৰা কৃৰ্তীত্ব সহকাৰে ৯০ শতাংশৰপৰা আৰম্ভ কৰি তাতোধিক নম্বৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা কৃৰ্তি ছাত্ৰ-ছাত্ৰী সকলক শুকুৰাবাৰে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদ তৰফৰপৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ 

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নৱনিৰ্মিত সচিবালয়ত আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, ডিফু লোকসভা নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী হৰেণচিং বে' কেইবাগৰাকী ইএম, এমএচি প্ৰধান সচিব আৰু গণ্যমান্য ব্যক্তি অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে৷ জিলাখনলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃৰ্তিত্ব কঢ়িয়াই অনা মুঠ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীক কাৰ্বি পহ', ৫০ হাজাৰ টকা নগদ ধন আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷  

আনহাতে, জিলাখনৰ ডিফুৰ দুই সাংবাদিকৰ কন্যা ক্ৰমে কাংবুৰা চিংনাৰৰ কন্যা মেলিম চিংনাৰপী আৰু দেৱজ্যোতি বৰাৰ কন্যা কামিৰ প্ৰতিক্ষা বৰাকো সম্বৰ্ধনা জনোৱাৰ লগতে পহ' নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰে৷ সম্বৰ্ধনা কালত সম্বৰ্ধিত সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নিজকে ভৱিষ্যতলৈ একোগৰাকী সুচিকিৎসক হোৱাৰ সপোন দেখিছে৷ 

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ছাত্ৰ-ছাত্ৰীসকলৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰা ঈৰ্ষণীয় ফলাফলৰ বাবে উৎফুল্লিত হৈ সাংবাদিক সকলৰ আগত ঘোষণা কৰি কয় যে, যদিহে কৃতিত্ব লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলে বুজাবুজি চুক্তিৰ জৰিয়তে চিকিৎসক হোৱাৰ পিছত কাৰবি আংলং জিলাতে সেৱা আগবঢ়ায় তেনেহ’লে চিকিৎসা মহাবিদ্যালয়ত তেওঁলোকে পঢ়াৰ যাবতীয় খৰছ কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে বহন কৰিব৷ 

আনহাতে, শিক্ষাৰ মানদণ্ড অৰ্ধনমিত হোৱা চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহৰ শিক্ষাগত দিশটোৰ উন্নত কৰাৰ বাবে পৰিষদে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও আশ্বাস দিয়ে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে৷ আজি কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে সম্বৰ্ধনা জনোৱা ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে, ডিফু ডনবস্ক' হাই স্কুলৰ আশিকা দাস, ৯৫'৬৭%, খেৰণিৰ জ্যোতি ফুৰা, ৯৪'০২%, ডিফু বদন মেম'ৰিয়েল হাইস্কুলৰ ছানিয়া ছিং ৯৩'৩৩%, বোকাজান বিদ্যাসাগৰ হাইস্কুলৰ বৰ্ণাধ্য গগৈ ৯৩'০৫%, ক্ৰমে, ডিফু মাউণ্ট কালভাৰীৰ নফিচা তাছমিন লষ্কৰ ৯৩'০২%, আৰু সুপ্ৰিতী বৰা ৯২'০৩%, বোকাজান বিদ্যাসাগৰ হাইস্কুলৰ ৰমা ভাৰৱা, ৯২%, ডিফু মাউণ্ট কালভাৰী স্কুলৰ মৃণ্ময় ডেকা বৰুৱা ৯১'০৮ শতাংশ, ডিফু মাউণ্ট কালভাৰীৰ তৃপ্তী পাল ৯১'০৫%, হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰণামী শইকীয়া ৯০'০৫%, বোকাজান প্ৰণব বিদ্যাপীঠৰ নিতুপৰ্ণ ভট্টাচাৰ্য ৯০'০৫%, ক্ৰমে,  হাওৰাঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ মানৱী দেবনাথৰ ৯০%, ময়ুৰজ্যোতি নাথ ৯০ শতাংশ৷ ইয়াৰোপৰি ডিফুৰ তিনি সাংবাদিক সন্তানকো কৃতিত্ব অৰ্জন কৰাৰ বাবে পৰিষদে সম্বৰ্ধনা জনায়৷ তিনি গৰাকী ক্ৰমে, সাংবাদিক সঞ্জু বৰাৰ পুত্ৰ সন্দিপন সাৰংগ৷ 

সাৰংগই সদ্যঘোষিত চিবিএছই উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত গুৱাহাটীৰ এনআৰএছ ইণ্টাৰনেছনেল স্কুলৰপৰা ৯৮'০৫ শতাংশ নম্বৰ লাভ কৰি ডিফুলৈ গৌৰব কঢ়িয়াই অনাৰ বিপৰীতে সাংবাদিক কন্যা দেবজ্যোতি বৰাৰ কন্যা কামিৰ প্ৰতিক্ষা বৰাই ডিফু ডনবস্ক' হাইস্কুলৰপৰা ৮৯'৮৩ আৰু একে বিদ্যালয়ৰপৰা কাংবুৰা ছিংনাৰৰ কন্যা মেলিম ছিংনাৰপী হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৯ শতাংশ নম্বৰ লাভ কৰি ডিফুৰ লগতে সংবাদ মহলৰ বাবেও গৌৰৱৰ থল হৈ পৰে৷