কৰ সংগ্ৰহ গেটত অতিৰিক্ত ধন লুটিছে কৰ্মচাৰীয়ে

 

খেৰণিঃ অতিৰিক্ত কৰ সংগ্ৰহক লৈ নিশা হুলস্থুল লাগিল পশ্চিম কাৰ্বি আংলঙৰ ৰানাইমা প্ৰৱেশ কৰ সংগ্ৰহ কৰা (Entry tax) গেটত। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানা অন্তৰ্গত ফৰেষ্ট বজাৰত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনত স্থাপন কৰা প্ৰৱেশ কৰ সংগ্ৰহৰ (Entry tax) গেটত গেটকৰ্মীয়ে কাউণ্টাৰত নিজে ৰখা ৰচিদৰ টুকুৰাত ৪০০ টকাৰ কথা উল্লেখ কৰাৰ বিপৰীতে গাড়ীৰ মালিক অথবা চালকক প্ৰদান কৰা টুকুৰাত ৮০০ টকা উল্লেখ কৰি অতিৰিক্ত পৰিমাণত ৪০০ টকাকৈ গেট কৰ্মীয়ে সংগ্ৰহ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। 

আনহাতে, গৰু সৰবৰাহ কৰা ট্ৰাকে প্ৰতি ২৮০০ টকাকৈ কৰ সংগ্ৰহ কৰা আৰু কাৰ্বি পৰিষদে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ অধিক পৰিমাণত উক্ত গেটখনে টকা সংগ্ৰহ কৰি থকাৰো অভিযোগ কাৰ্বি আংলং মহিলা কংগ্ৰেছৰ সভানেত্ৰী কাছাং তেৰাংপিৰ। এনেদৰে উল্লেখিত গেটখনে দৈনিক কাৰ্বি আংলং স্বায়ত্ত পৰিষদে নিৰ্ধাৰিত কৰি দিয়া ধনৰাশিৰ অৰ্থাৎ ৫ টকা, ১০ টকা, ১৫ টকা, ২০ টকা আদিৰ বিপৰীতে অধিক আৰু অতিৰিক্ত মাত্ৰাত ধন সংগ্ৰহ কৰি অহা বুলি উল্লেখ কৰে তেৰাংপিয়ে। 

লগতে তেৰাংপিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছক দুৰ্নীতিকাৰী দল অথবা দুৰ্নীতি সংঘটিত কৰি অহা চৰকাৰ বুলি চিঞৰি থকা বিজেপি চৰকাৰৰ দিনত কিয় আৰু কিদৰে এনে ঘটনা সংঘটিত হ’ব পাইছে বুলি কয়। এইয়া শূণ্য সহনশীলতা নীতি অৱলম্বন কৰা আৰু দুৰ্নীতিমুক্ত বিজেপি দল বা চৰকাৰ বুলি দাবী কৰি থকা দলটোৰ আচল স্বৰূপ নেকি বুলি প্ৰকাশ কৰি বিভিন্ন প্ৰকাৰৰ প্ৰশ্ন তোলে কাছাং তেৰাংপিয়ে। 

যাৰ পৰিপ্ৰেক্ষিতত ঘটনাক কেন্দ্ৰ কৰি নিশা এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৰানাইমা গেটৰ চৌহদত। ঘটনা সন্দৰ্ভত গেটৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীৰ বিৰুদ্ধে ইতিমধ্যে খেৰণি থানাত এক গোচৰ ৰুজু কৰিছে কংগ্ৰেছ সভানেত্ৰীগৰাকীয়ে।