
newsnextone.com | বোকাজানঃ আজিও ৰাজ্যত সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ৷ সমগ্ৰ ৰাজ্যৰ পৰা চুৰি কৰা গাড়ীসমূহ ডিমাপুৰলৈ নিয়ে চোৰে৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাজৰে ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ কৰে গাড়ী সমূহ৷
চোৰ-ডকাইত, উগ্ৰপন্থীৰ কৰিড’ৰ হিচাপে খ্যাতি লাভ কৰা পথটোত অভিযান চলাই অসম আৰক্ষীয়ে চুৰি বলেৰ’ পিকআপ সহ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷
মহিন্দ্ৰা কোম্পানীৰ চুৰি বলেৰ’ পিক আপ ভান সহ এজন যুৱক আৰক্ষীৰ জালত পৰে৷ ৰাষ্ট্ৰীয় ঘাইপথটোৰে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰলৈ চোৰে ৰাজ্য তথা দেশৰ বিভিন্ন স্থানৰ পৰা চুৰি কৰি অনা দুচকীয়া, চাৰিচকীয়া আদি বাহনসমূহ বিক্ৰীৰ বাবে লৈ যায়৷ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চুৰি কৰি নিয়া বহু গাড়ী ধৰা পৰিছে বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ, খটখটি, ডিলাই আদি আৰক্ষী থানাৰ নাকা তালাচীত৷
শনিবাৰে নিশা বৰপথাৰ আৰক্ষীয়ে পুনৰ এএছ-২৫-বিচি-৫৬৫৩ নম্বৰৰ এখন বলেৰ’ পিক আপ ভান উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ নাকা তালাচী চকীত বৰপথাৰ আৰক্ষীৰ নিয়মীয়া তালাচী চলাই থকাৰ সময়তে এখন বলেৰ’ পিক আপ ভানৰ চালকক সোধ-পোছ কৰাত গাড়ীখন চুৰি কৰি অনা বুলি আৰক্ষীৰ সন্দেহ হয় আৰু পিছত চালকক জেৰা কৰাত কামৰূপ জিলাৰ মিৰ্জাৰ পৰা গাড়ীখন চুৰি কৰি অনা বুলি স্বীকাৰ কৰে৷
বৰপথাৰ আৰক্ষীয়ে গাড়ীখনৰ চালক সোণাপুৰ থানাৰ অন্তৰ্গত সোণাপুৰ উৰণ গাঁৱৰ বাসিন্দা ছাহদুল্লাহ পাটৰৰ পুত্ৰ প্ৰশান্ত কুমাৰ পাটৰ (৩৫)ক আটক কৰি এক গোচৰ পঞ্জীয়ন কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ প্ৰশান্ত কুমাৰ পাটৰ দীৰ্ঘ দিনৰ পৰা চুৰি কাৰ্যৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে৷