স্বৰ্ণজয়ী অংকুশিতাক কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ উষ্ম আদৰণী

ডিফুঃ বিশ্ব যুৱ মহিলা বক্সিং চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী অংকুশিতা বড়ো বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত উপস্থিত হয়৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে অংকুশিতা আদৰি নি বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে৷

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ আমন্ত্ৰণ লাভ কৰি ডিফুত পিতৃ-মাতৃ সহ উপস্থিত হৈ স্বৰ্ণজয়ী অংকুশিতাক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ৰংথিয়াং স্থিত বাসগৃহত তুলিৰাম ৰংহাঙ আৰু তেওঁৰ সহধৰ্মিনী কাছে টেৰণপীয়ে উষ্ম আদৰণি জনোৱাৰ লগতে চেনেহৰ উদাহৰণ স্বৰূপে কাৰ্বি পৰাম্পৰাগত পহ', শ্বউল, কাৰ্বি জেকেট আৰু পিনি-পেককেৰে সম্বাৰ্ধনা জ্ঞাপন কৰে৷

তাৰ পিছত পুৱা ১১ বজাত স্বৰ্ণ কণ্যাগৰাকীক ৰাজহুৱা ভাৱে সন্মান জনাবলৈ কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ সন্মিলন কক্ষত এক সম্বাৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙ, প্ৰধান সচিব মহাদানন্দ হাজৰিকা সকলো ইএম আৰু এম এচি, জিলা উপায়ুক্ত আদিল খান, জিলা আৰক্ষী অধীক্ষক ডঃ জিভি শিৱ প্ৰসাদ আৰু কাছাৰ সাধাৰণ সম্পাদক পংকজ টেৰণে তেওঁৰ অসামান্য প্ৰতিভাৰ বাবে শলাগ লয়৷

অনুষ্ঠানত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে অংকুশিতা বড়োৰ হাতত ২ লাখ টকাৰ চেক অৰ্পণ কৰে৷ সম্বৰ্ধনা অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে  কয় যে অংকুশিতা বড়োলৈ কাৰবি স্বায়ত শাসিত পৰিষদে আগবঢ়োৱা সন্মান সমগ্ৰ কাৰবি আংলঙৰ যুৱ প্ৰজন্মৰ খেলুৱৈ সকললৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই অনাৰ লগতে জিলাখনত অংকুশিতাৰ দৰে কঠোৰ পৰিশ্ৰমী খেলুৱৈৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ ক্ৰীড়া সংস্কৃতি প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়৷

অংকুশিতাক ক্ৰীড়া সাধনাৰ বাবে কাৰ্বি পৰিষদৰ ভৱিষ্যতলৈ সহযোগিতা আগবঢ়োৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ আনহাতে স্বৰ্ণজয়ী অংকুশিতা বড়োয়ে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ আপ্যায়ণত আপ্লুত হৈ ধন্যবাদ জ্ঞাপন কৰে৷