
খেৰণিঃ বন বিভাগৰ আলহী হ'ল দুটাকৈ ঘৰচীয়া মহ। বন বিভাগৰ অভিযানত চোৰাং চিকাৰী ধৰা নপৰিলেও দুটাকৈ মহ জালত পৰে। এতিয়া বন বিভাগৰ কাৰ্যালয়ত খাদ্যৰ যোগান ধৰাত ব্যস্ত হৈ পৰিছে বন বিভাগৰ লোক।
বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া শাসকীয় দলে আদিও বনজ সম্পদ ধ্বংস ৰোধ কৰিব পৰা নাই। বনমন্ত্ৰী প্রমিলাৰাণী ব্ৰহ্মৰ তৎপৰতাত বিভাগীয় বিষয়া কৰ্মচাৰীয়ে বন্যপ্ৰাণী নিধন আৰু বন ধ্বংসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহন কৰি আহিছে যদিও চোৰাং চিকাৰী আৰু বন ধ্বংস লীলা চলায় থকা লোক সকলৰ দপদপনী নিৰ্মুল কৰিবলৈ সক্ষম হোৱা নাই৷
যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অবৈধ আৰু অমানৱীয় বন ধ্বংস যজ্ঞ আৰু বন্যপ্ৰাণী নিধন কাণ্ড৷
বনদস্যুৰ অবৈধ কাণ্ডৰ সত্যতাৰ প্ৰমান দিলে দেওবাৰে পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ টুমেলাংছ’ত চোৰাং কাঠ ব্যৱসায়ীয়ে ব্যৱহাৰ কৰা এহাল ম’হ জব্দ কৰা ঘটনাই৷ পশ্চিম কাৰ্বি আংলং-মেঘালয় সীমান্তৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ পৰা প্ৰায় ৫৫-৬০ কিঃমিঃ নিলগৰ টুমেলাংছ’ত শনিবাৰৰ পৰা বনদস্যুৰ বিৰুদ্ধে এক অভিযান চলায় খেৰণি বন বিভাগে৷
গোপন সুত্ৰৰ পম খেদি বন বিষয়া ৰুস্তম তিমুঙৰ নেতৃত্বত অভিযান চলোৱা দলটোৱে টুমেলাংছ’ত কাঠ কঢ়িওৱাৰ বাবে ব্যৱহাৰ কৰা এহাল ম’হ জব্দ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে চোৰ কাঠ ব্যৱসায়ীৰ দলটো পলায়ন কৰে৷ কাঠ সমুহ চুবুৰীয়া ৰাজ্য মেঘালয়লৈ নিবৰ বাবে লৈ আহিছল বুলি জানিব পৰা গৈছে।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙত আজিও অব্যাহত আছে বন ধ্বংস লীলা আৰু চোৰাং কাঠ ব্যৱসায়৷ ইতিমধ্যে বন বিভাগে দুটাকৈ ম’হ জব্দ কৰি খেৰণিস্থিত বন বিভাগৰ কাৰ্যালয়লৈ লৈ আহে।