পূব-কাৰবি আংলঙ জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত শিক্ষকৰ ৰূপত উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত , আইজিপি বনবিষয়া,অভিযন্তা

newsnexoneডিফু,৯ অক্টোবৰ:- ২০১৭ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ তিতা- কেঁহা,আৰু মিঠা অভিজ্ঞতা লাভ কৰাৰ পিছত আজিৰে পৰা পূৱ কাৰ্বি আংলং জিলাত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ৷ এই উপলক্ষে পূব কাৰবি আংলং জিলাৰ বোকাজান, হাওৰাঘাট আৰু ডিফু মহকুমাৰ কেইবাটাও খণ্ডত মুঠ ১২৮১ খন বিদ্যালয়ত গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ কাম আৰম্ভ হয় ৷এই উদ্দেশ্যে জিলাখনৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত বহী নিৰিক্ষক হিচাপে নিয়োজিত হৈছে জিলা খনৰ শীৰ্ষ আমোলা ক্ৰমে উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, আইজিপি, অভিযন্তা, বনবিষয়া, প্ৰৱক্তা সকল ৷ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে সমগ্ৰ পূব কাৰবি আংলং জিলাৰ লগতে লুম্বাজং ব্লকৰ অধীনস্থ ডিফুৰ চৰকাৰী বিদ্যালয় সমূহত গুণোৎসৱৰ বাবে পুৱাৰে পৰা এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় ৷ বহী নিৰিক্ষক লাইচন বিষয়া, প্ৰটকল বিষয়া সকলক উষ্ম আদৰণি জনাই উচ্চ সন্মানেৰে বিদ্যালয়ৰ চৌহদত শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে আদৰি নিয়ে ৷
ডিফু চন্দ্ৰচিং টেৰণ হাইস্কুলত পশ্ছিম কাৰবি আঙলঙৰ উপায়ুক্ত দেৱজ্যোতি হাজৰিকা, আৰু ডিফুৰ কণিষ্ঠ বুনিয়াদী এলপি স্কুলত অসম আৰক্ষীৰ( টিএফ) ৰ সঞ্চালক বিনোদ কুমাৰে বহী নিৰিক্ষক ৰূপে দায়িত্ব পালন কৰে ৷ চন্দ্ৰচিং টেৰণ হাইস্কুলত গুণোৎসৱৰ প্ৰস্তুতি আছিল প্ৰশংসনীয় ৷ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সদস্য সকলৰ উপস্থিতিৰ লগতে বিদ্যালয়খনৰ গুণোৎসৱৰ ন'ডেল শিক্ষক নিত্যানন্দ বৰাই পৰিচালনা কৰা প্ৰাত: সভাত ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন দিশৰ উৎকৃষ্ট প্ৰদৰ্শনে বহী নিৰিক্ষকৰূপী পশ্ছিম কাৰবি আংলঙৰ উপায়ুক্ত দেবজ্যোতি হাজৰিকা, প্ৰট'কল বিষয়া সুনিতা তেৰাংপী, আৰু লাইচন বিষয়া বিনুকা ৰংহাঙপীৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে আপ্লুত কৰে ৷উপায়ুক্ত গৰাকীয়ে বিদ্যলয়খনৰ আন্তগাঁথনি, বিদ্যায়তনিক দিশ, শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি ৰেকৰ্ড আৰু বিভিন্ন দিশ সুক্ষ্মভাবে পৰ্যবেক্ষণ কৰাৰ লগতে দুপৰীয়া আহাৰৰ ৰন্ধন কৰ্মী সকলৰ লগতো মত বিনিময় কৰে ৷
ৰন্ধন কৰ্মী সকলৰ মাননী কম হোৱা বুলিও ৰান্ধনী সকলে উপায়ুক্ত গৰাকীৰ ওচৰত ক্ষোভ উজাৰে ৷বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰেণুৰেখা বৰা আৰু সহ-শিক্ষয়িত্ৰী অৰুণিমা পাঠক, পৰিচালনা সমিতিৰ সভাপতি মজাহাৰুল ইছলাম, উপসভাপতি ৰঞ্জিত সেন,আৰু প্ৰাক্তন সভাপতি মুকুল বৰুৱা আৰু সদস্য, সদস্যা সকলে সহযোগ কৰে ৷ আনহাতে ডিফুৰ কণিষ্ঠ বুনিয়াদী এলপি স্কুলত অসম আৰক্ষীৰ প্ৰশিক্ষণ আৰু অস্ত্ৰ বিভাগৰ সঞ্চালক আইপিএছ বিনোদ কুমাৰে বহী নিৰিক্ষক ৰূপে দায়িত্ব পালন কৰি ছাত্ৰ-ছাত্ৰী সকলৰ লগত এনেদৰে সময় কটাই আৰু মত বিনিময় কৰিবলৈ পাই যথেষ্ট সুখী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন প্ৰদৰ্শনত তেওঁ আপ্লুত বুলি সংবাদ মাধ্যমৰ জানিবলৈ দিছে ৷ ইফালে পূব কাৰবি আংলং জিলাৰ বোকাজানত ২৬০ খন, হাওৰাঘাটত ২৪৬ খন, লুম্বাজং ব্লকত ২৪১খন, ৰংমংবেত ১০৪ খন, ছামেলাংচ'ত ১৫৯ খন, আৰু লাংচ'মেপী ব্লকত ১৪৮ খন বিদ্যালয়ত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ কাম চলিছে ৷
ছাইদুল ইছলাম, ডিফু