তুলিৰামে উদ্বোধন কৰিলে কাৰ্বি হেমতুনৰ

খেৰণিঃ কাৰ্বি আংলঙৰ ডংকামোকামত কাৰ্বি হেমতুনৰ শনিবাৰে উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে নিৰ্মাণ কৰা কাৰ্বি হেমতুনৰ উদ্বোধনী অনুষ্ঠানত পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপি সহ শতাধিক স্থানীয় লোক উপস্থিত থাকে।

কাৰ্বি জনগোষ্ঠীৰ কলা, কৃষ্টি, সংস্কৃতিক যুগমীয়া কৰাৰ লক্ষ্যৰে ডংকামোকামত নিৰ্মাণ কৰি উলিওৱা হৈছে কাৰ্বি হেমতুন। কাৰ্বি জনগোষ্ঠীৰ লোকসকলে পাহাৰীয়া অঞ্চলসমূহত বাসগৃহ হিচাপে ব্যৱহাৰ কৰি অহা এটি পৌৰাণিক চাংঘৰৰ আৰ্হিৰে কাৰ্বি হেমতুন নামেৰে নিৰ্মাণ কৰা এই অতিথিশালাত আছে অতিথি তথা পৰ্যটকে নৈশ যাপন কৰিব পাৰিব৷

কাৰ্বি হেমতুন নিৰ্মাণৰ যি নমুনা বা আৰ্হি ই সঁচাকৈয়ে এক লেখতলবলগীয়া আৰু আকৰ্ষণীয় বুলি চৰ্চিত হৈছে৷ হেমতুনৰ শোভাই প্ৰত্যেকগৰাকী লোকৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি কয় মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। ইয়াৰ পাছতেই ৰংহাঙে আৰটোকেকাঙত ৰংখাং উন্নয়ন খণ্ডৰ উদ্যোগত এম জি এনেৰেগাৰ অধীনত ২ লাখ টকা ব্যয় অৱন্টনেৰে ২০১৭-১৮ বিত্তীয় বৰ্ষৰ মীন পালনৰ পুখুৰী নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।