
newsnextone.com। কাৰ্বি আংলং: কাৰ্বি আংলং জিলাত সংযোজন হল আন এক সংবাদ পত্ৰৰ ৷ আজি বোকাজানৰ নিজৰা পাৰত আনুষ্ঠানিক ভাবে হৰমু চহৰীয়াৰ সম্পাদনাত উন্মোচন হয় "আজিৰ সংবাদ "নামৰ এক সংবাদ পত্ৰৰ ৷ সৰিয়হজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী পূৰ্ণিমা গগৈয়ে আজি দুপৰীয়া বোকাজানৰ নিজৰা পাৰত আজিৰ সংবাদ কাকতৰ কাৰ্যালয় গৃহ উদ্ধোধন কৰাৰ পিছতে কাৰবি স্বায়ত্ত পৰিষদৰ স্থানীয় এমএচি তথা ইএম মাধূৰ্য ঢেকিয়াল ফুকনে কাকত খন আনুষ্ঠানিক ভাবে উন্মোচন কৰে ৷ উদ্ধধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে কাৰবি পৰিষদৰ ইএম,মাধূৰ্য ঢেকিয়াল ফুকন , প্ৰবীন সাংবাদিক মুকুল চন্দ্ৰ বৰুৱা, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী পূৰ্ণিমা গগৈ আৰু প্ৰকাশ গগৈ উপস্থিত থাকে ৷ ডিফুৰ প্ৰবীণ সাংবাদিক মুকুল বৰুৱাৰ পৌৰুহিত্যত অনুষ্ঠিত উদ্ধোধনী সভাখনৰ আঁত ধৰে আজিৰ সংবাদ কাকতৰ সম্পাদক হৰমু চহৰীয়া আৰু উদ্দেশ্য বাখ্যা কৰে ত্ৰিদীপ বৰাই ৷ স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত সমৰ্পিত কাৰবি আংলঙৰ নৱতম সংযোজন আজিৰ সংবাদ কাকত খনৰ অনুষ্ঠানত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই কয়যে, বাতৰি কাকতৰ জন্ম হোৱাটো ডাঙৰ কথা নহয় ইয়াক জীয়াই ৰখাটো হল মূল কথা ৷ জিলা খনত প্ৰায় ৩২ খন দৈনিক কাকত আছিল যদিও বৰ্তমান ৫ খন মান কাকত নিয়মীয়া ভাবে চলি আছে ৷কেৱল কাকতৰ সম্যক বিক্ৰিয়েই কাকতৰ সমল হব নোৱাৰে তাৰ বাবে প্ৰয়োজন হব চৰকাৰী বিজ্ঞাপনৰ, তাৰ বাবে কাকত গোষ্ঠীয়ে জন সংযোগৰ নিয়মো মানি চলিব লাগিব৷ কাকত খনত পাঠকৰ ৰুচি ভেদে বিভিন্ন শিতানৰ সৃষ্টি কৰি অঞ্চলটোৰ বিভিন্ন লেখক আৰু নৱ প্ৰজন্ম আৰু শিশু সকলক উদগণি আৰু প্ৰেৰণা যোগোৱাৰ দায়িত্ব কাকত খনৰ সম্পাদকে লব লাগে বুলি কয় ৷ আনহাতে সভাপতিৰ ভাষণত মুকুল চন্দ্ৰ বৰুৱাই কয়়ে, স্থানীয় কাকত সমূহত সম্পাদকীয় কলমটো বাধ্যতামূলক মূলক ভাবে ধৰি লব লাগে ৷ কাকত গোষ্ঠীয়ে নিষ্ঠা, সততা আৰু নিৰপেক্ষ ভাবে জিলাখনৰ বিভিন্ন অভাৱ অভিযোগ আৰু সকলো দিশ উদঙাই দিয়াত যত্নপৰ থাকিব লাগে বুলি কয়৷ অনান্য বক্তাসকলেও কাকত খনৰ উত্তৰোত্তৰ কামনা কৰি সাৰুৱা বক্তব্য ৰাখে ৷ উদ্ধোধনী অনুষ্ঠানৰ চিনাকি পৰ্বত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাংবাদিক সকলৰ সৈতে কাকতগোষ্ঠীৰ মতবিনিময় হোৱাৰ লগতে সাংবাদিক সকলক একোটাকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে উপহাৰ প্ৰদান কৰে ৷