মন্ত্ৰিত্বক লৈ জেডিএছ-কংগ্ৰেছৰ মাজত খোৱা-কামোৰা, ভাঙিব পাৰে কৰ্ণাটকৰ চৰকাৰ

anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকত কংগ্ৰেছ আৰু জেডিএছৰ চৰকাৰ গঠন হ’ল যদিও দুয়োটা দলৰ মাজত আৰম্ভ হৈছে মন্ত্ৰিত্বক লৈ খোৱা-কামোৰা৷ সংবাদ মাধ্যমত এই খবৰে ব্যাপক চৰ্চা লাভ কৰিছে৷ শাসকীয় বিজেপি দলক ৰোধ কৰিবলৈ সমগ্ৰ বিৰোধী এতত্ৰিত হৈ ২০১৯ৰ নিৰ্বাচনত নামি পৰাৰ বাবে কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে মন্ত্ৰিত্বক লৈ চলা চৰ্চাই ৰাজনৈতিক মহলত গুৰুত্ব লাভ কৰিছে৷

কংগ্ৰেছ আৰু জেডিএছে বাৰে বাৰে বৈঠক অনুষ্ঠিত কৰি সমাধান সুত্ৰ উলিযাব পৰা নাই৷ শনিবাৰে কৰ্ণাটকৰ জেডিএছ আৰু কংগ্ৰেছ নেতৃত্বই ৰাহুল গান্ধীক সাক্ষাৎ কৰি সমাধান সুত্ৰ উলিয়াব চেষ্টা কৰে৷ দেওবাৰে পুনৰ বৈঠত অনুষ্ঠিত হয়৷

খবৰ মতে, শনিবাৰে প্ৰাক্তন কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়া, উপ-মুখ্যমন্ত্ৰী জি পৰমেশ্বৰম, ৰাজ্যিক কংগ্ৰেছৰ সভাপতি কে চি বেণুগোপাল, ৰাষ্ট্ৰীয় নেতা মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত মন্ত্ৰিত্বৰ সমস্যাৰ সমাধান কৰাৰ চেষ্টা কৰে৷ মন্ত্ৰীৰ বিভাগক লৈ সমস্যাই দেখা দিয়াৰ ফলত দুয়োটা দলে দলে বাৰে বাৰে বৈঠক অনুষ্ঠিত কৰিব লগা হৈছে৷

কংগ্ৰেছ নেতা বেণুগোপালে মন্ত্ৰীৰ বিভাগৰ বাবে অনুমতি লোৱা হোৱা বুলি কয়৷ প্ৰথমে দুয়োটা দলে পদবী সমূহ চূড়ান্ত কৰিব আৰু দুয়োটা দলৰ মন্ত্ৰীসকলক বিভাগ বিতৰণ কৰা হ’ব৷

অহা দুদিনৰ ভিতৰত মন্ত্ৰিত্বৰ সমস্যা লমাধান কৰা হ’ব বুলি কয় বেণুগোপালে৷ এতিয়াও কাক কি মন্ত্ৰিত্ব দিয়া হ’ব সেই কথা থিক হোৱা নাই বুলি কৈ দপ্তৰ বিতৰণৰ বাবে সমস্যাৰ সৃষ্টি হোৱা বুলি কয়৷ চৰকাৰ ভঙাৰ কোনো সম্ভাৱনা নাই বুলি দুয়োটা দলে কৈ আহিছে যদিও মন্ত্ৰিত্বৰ বাবে খোৱা-কামোৰা আৰম্ভ হৈছে সেয়া খাতাং৷