কাৰ্তি চিদাম্বৰমক ৫ দিনৰ চিবিআই জিম্মাত, পাটিয়ালা হাউচত উপস্থিত থাকিল পিতৃ পি চিদাম্বৰম

 Rediff.com

ডিজিটেল ডেস্কঃ চিবিআইয়ে গ্ৰেপ্তাৰ কৰা প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমক বৃহস্পতিবাৰে দিল্লীৰ পাটিয়ালা হাউচ আদালতত হাজিৰ কৰে চিবিআইয়ে৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ গ্ৰেপ্তাৰ পুত্ৰগৰাকীক বুধবাৰে পুৱাই লণ্ডনৰ পৰা উভটি অহাৰ পাছতেই চেন্নাই বিমানবন্দৰৰ পৰা চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল৷

আইএনএক্স মিডিয়া গোচৰৰ তদন্ত চলি থকাৰ পিছতেই প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কাৰ্তি চিদাম্বৰমক গ্ৰেপ্তাৰ কৰে৷ আদালতে ৬ মাৰ্চলৈকে কাৰ্তিক চিবিআইৰ জিম্মাত দিয়ে৷ পাটিয়ালা হাউচ আদালতত হাজিৰ কৰাৰ সময়ত পিতৃ জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰম আৰু মাতৃ আদালত চৌহদত উপস্থিত থাকে৷

জানিব পৰা মতে, কাৰ্তি চিদাম্বৰমৰ বিৰুদ্ধে চিবিআইয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া চলি থকাৰ সময়তে গ্ৰেপ্তাৰ হয়৷ আইএনএক্স মিডিয়া গোচৰৰ বাবে কাৰ্তি চিদাম্বৰমে ঘোচ দিয়াৰ উপৰি বিচাৰ তথ্য বিভ্ৰাত কৰাৰ অভিযোগ উত্থাপন হৈছে৷

আইএনএক্স মিডিয়া গোচৰটোত বিদেশী বিনিয়োগ প্ৰমোচন বৰ্ডৰ নিয়ম উলংঘা কৰাৰ বাবে কাৰ্তি চিদাম্বৰমক চিবিআইয়ে সোধপোচ কৰি আছিল বুলিও জানিব পৰা গৈছে৷ ইয়াৰোপৰি পি চিদাম্বৰম বিত্ত মন্ত্ৰী হৈ থকাৰ সময়ত মৰিছাছত বিদেশৰ লগত বিনিয়োগ কৰাৰ বাবে এফআইপিবিয়ে দিয়া মঞ্জুৰীৰ বিষয়টোৰ ওপৰতো আইএনএক্স মিডিয়া কৰ্তৃপক্ষক চিবিআইয়ে সোধা-পোচা অব্যাহত ৰাখিছে৷

প্ৰৱৰ্তন নিৰ্দেশালয়ে আৰোপ কৰা অনুসৰি আইএনএক্স মিডিয়াই জানিবুজিয়ে কিছু চৰ্তৰ ওপৰত ভিত্তি কৰি এফআইপিবিৰ সন্মতি অবিহনে আইএনএক্স নিউজ প্ৰাইভেট লিমিটেডৰ ওচৰত ২৬শতাংশ টকা বিনিয়োগ কৰিছিল৷ য’ত বিদেশী বিনিয়োগকাৰীও জড়িত হৈ আছিল৷ বিদেশী বিনিয়োগৰ বাবে এফআইপিবিয়ে অনুমতি প্ৰদান কৰা ৪.৬২ কোটি টকাৰ বিপৰীতে আইএনএক্স নিউজ প্ৰাইভেট লিমিটেডে ৩০৫ কোটি টকা বিনিয়োগ কৰিছিল৷

শুনানী কালত কংগ্ৰেছৰ নেতা দেশৰ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিঙভিয়ে আদালতত যুক্তি প্ৰদৰ্শন কৰে।