
নতুন দিল্লীঃ জম্মু-কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত ৰক্তাক্ত হৈ পৰিল ভূস্বৰ্গ। এই আক্ৰমণত কুৰিৰো অধিক পৰ্যটক নিহত হোৱাৰ লগতে আহত হৈছে আন কেইবাজনো। ইতিমধ্যে আহতসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱাৰ বাবে সেনাৰ হেলিকপ্টাৰ নিয়োগ কৰা হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ফোনযোগে অমিত শ্বাহক ততাতৈয়াকৈ সেই স্থানত উপস্থিত হ’বলৈ কোৱা হৈছে।
জানিব পৰা মতে, বাইছাৰন উপত্যকাৰ জংঘলত বন্দুকৰ গুলীৰ শব্দই পৰ্যটকৰ মাজত আতংকৰ সৃষ্টি কৰে। এই দুৰ্গম পাহাৰীয়া অঞ্চলটোত খোজকাঢ়ি বা ঘোঁৰাত উঠিহে যাব পাৰি। সূত্ৰটোৰ মতে, পৰ্যটকসকলে খোজকাঢ়ি গৈ থকাৰ সময়তে ছদ্মবেশত অহা সন্ত্ৰাসবাদীয়ে তেওঁলোকক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে। এই আক্ৰমণত ২৬ জন পৰ্যটক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হোৱা বুলি চৰকাৰী সূত্ৰই সদৰী কৰিছে। আহতসকলৰ অধিকৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
ইফালে এই ঘটনাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে দিল্লীৰ নিজৰ বাসগৃহত জৰুৰী নিৰাপত্তা বৈঠক আহ্বান কৰে। আইবি প্ৰধান তপন দে’ আৰু গৃহ সচিব গোবিন্দ মোহনো উপস্থিত থাকে বৈঠকত। ভিডিঅ’ কনফাৰেন্সত যোগদান কৰে চিআৰপিএফৰ মুৰব্বী জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, জম্মু-কাশ্মীৰ আৰক্ষীৰ ডিজি নলিন প্ৰভাত আৰু সেনা বিষয়াসকলে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু উপ-ৰাজ্যপাল মনোজ সিনহাৰ সৈতেও অমিত শ্বাহে কথা পাতে।
উপ-ৰাজ্যপাল মনোজ সিনহাই কয় যে আক্ৰমণকাৰীক বিচাৰি উলিয়াবলৈ আৰু নিৰ্মূল কৰিবলৈ অভিযান আৰম্ভ কৰা হৈছে। তেওঁৰ ভাষাত, "এই নৃশংস আক্ৰমণৰ বাবে উগ্ৰপন্থীয়ে উচিত মূল্য দিব লাগিব।" উল্লেখ্য যে কাশ্মীৰৰ স্বৰ্গীয় প্ৰাকৃতিক সৌন্দৰ্যৰে আগুৰি থকা পেহেলগামত প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটকৰ ভিৰ হয়। গ্ৰীষ্মকালীন পৰ্যটনৰ শিখৰত সংঘটিত হোৱা এই আক্ৰমণে সমগ্ৰ উপত্যকা কঁপাই তুলিছে। প্ৰধানমন্ত্ৰী মোদীয়ে এই বৰ্বৰ আক্ৰমণক তীব্ৰ গৰিহণা দি কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ যুঁজ অদম্য আৰু শক্তিশালী হ’ব।
প্ৰণিধানযোগ্য যে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ প্ৰত্যাহাৰৰ পিছত ভূস্বৰ্গত সন্ত্ৰাসবাদ হ্ৰাস পোৱা বুলি দাবী কৰি আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে। বহু নিৰ্বাচনী প্ৰচাৰ সভাপতো জম্মু-কাশ্মীৰৰ পৰা ৩৭০ প্ৰত্যাহাৰক এক অভূতপূৰ্ব সাফল্য আখ্যা দি বাহ বাহ লোৱা দেখা গৈছিল মোদী আৰু আন বিজেপি নেতাসকলক। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এই সাফল্যক খাৰিজ কৰি উপ-ৰাজ্যপাল মনোজ সিনহাই দাবী কৰে যে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ হ্ৰাস হোৱা নাই, বৰং বিগত সময়ৰ তুলনাত বৃদ্ধিহে হৈছে।
উপ-ৰাজ্যপাল সিনহাৰ এই দাবীক লৈ দেশজুৰি অব্যাহত থকা প্ৰতিক্ৰিয়াৰ মাজতে পুনৰ ভূস্বৰ্গত পৰ্যটকৰ ওপৰত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাই উপত্যকাটোৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ নতুন প্ৰশ্নৰ উদয় ঘটাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰবৰ পৰা ঘটনাক গৰিহণা দি তৎক্ষণাৎ গৃহমন্ত্ৰী অমিত শ্বাহক ঘটনাস্থলী ভ্ৰমণ কৰি ঘটনাৰ বুজ লোৱাৰ লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে কয় যে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা। মই প্ৰাৰ্থনা কৰোঁ যে আঘাতপ্ৰাপ্তসকল অতি সোনকালে আৰোগ্য হওক। প্ৰভাৱিত লোকসকলক সকলো সম্ভৱ সহায় আগবঢ়োৱা হৈছে। এই জঘন্য কাৰ্যৰ আঁৰত থকাসকলক ন্যায়ৰ সন্মুখীন কৰা হ'ব... তেওঁলোকক এৰি দিয়া নহ'ব! তেওঁলোকৰ দুষ্ট কাৰ্যসূচী কেতিয়াও সফল নহ'ব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ সংকল্প অটল আৰু ই আৰু অধিক শক্তিশালী হ'ব। প্ৰাপ্ত বাতৰি অনুযায়ী পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে চৌদি আৰৱ ভ্ৰমণ সামৰি নিশাই ভাৰতলৈ ৰাওনা হ'ব৷
লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এই ঘটনাক তীব্ৰ নিন্দা কৰিছে৷ ৰাহুল গান্ধীয়ে জম্মু-কাশ্মীৰত সংঘটিত কাপুৰুষোচিত সন্ত্ৰাসবাদী আক্ৰমণত পৰ্যটক নিহত আৰু বহুলোক আহত হোৱাৰ বাতৰি অত্যন্ত নিন্দনীয় আৰু হৃদয়বিদাৰক। মই শোকসন্তপ্ত পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। সমগ্ৰ দেশ সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে। জম্মু-কাশ্মীৰত পৰিস্থিতি স্বাভাৱিক বুলি ফোঁপোলা দাবী কৰাৰ পৰিৱৰ্তে, চৰকাৰে এতিয়া দৃঢ় ব্যৱস্থা লোৱা উচিত - যাতে এনে বৰ্বৰ ঘটনা আৰু অধিক নহয় আৰু নিৰীহ ভাৰতীয়সকলে প্ৰাণ হেৰুৱাব নোৱাৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এই নৰসংহাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ শৰ্মাই কয় যে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত ঘটনাটি অত্যন্ত গৰিহণাযোগ্য। আমি সম্পূৰ্ণ বিশ্বাসী যে ভাৰতবৰ্ষই আজিৰ এই আক্ৰমণৰ ঘটনাৰ বাবে দায়ী কাপুৰুষসকলক চিনাক্ত কৰি উচিত ব্যৱস্থা গ্রহণ কৰিব। এই স্পর্শকাতৰ তথা কাৰুণ্যভৰা মুহূর্তত সমগ্ৰ দেশ শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে কাষত দৃঢ়ভাৱে আছে।