সেউজীয়া ধাননি সোণালী হোৱাৰ কামনাৰে পথাৰত জ্বলি উঠিল বন্তি

গৌৰীসাগৰঃ কৃষকৰ সেউজীয়া ধাননি পথাৰ সোণালী হোৱাৰ কামনাৰে আজি সমগ্ৰ ৰাজ্য জুৰি পালন কৰা হৈছে কাতি বিহু৷ কৃষক সমাজৰ চহা জীৱন শৈলী মূৰ্তমান কৰি সোণগুটিৰে ভঁৰাল উপচি পৰাৰ কামনাৰে পৰম্পৰাগত ভাৱে পালন কৰা হৈ আহিছে অন্যতম কৃষিভিত্তিক উৎসৱ কাতি বিহু৷

যদিও এই বিহুত ভোগ নাই বাবে কঙালী নাম দি নামাকৰণ কৰা হয়, তথাপি সমগ্ৰ ৰাজ্য জুৰি আজি সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ৷ তুলসী তলত আৰু পথাৰত চাকি জ্বলাই আজি চহা ৰাইজে খেতি বিনাশকাৰী পোক পতংগ নাশ কৰি খেতিডৰাক সুৰক্ষা প্ৰদান কৰাৰ চেষ্টা চলায় এই সময়তে৷

সেউজীয়া পথাৰত সোণগুটি হ’ব, মেতমৰা সম্ভাৰেৰে ভঁৰাল ঘৰ শুৱনি হ'ব, এই কামনাৰে সকলো গঞা ৰাইজ একত্রিত হৈ ঘৰে ঘৰে মাহ প্রসাদ খাই সম্প্রীতিৰ ঐক্য বজাই ৰাখি আজি কাতি বিহু পালন কৰা হৈছে৷