
তুলসীবাৰীঃ আজি কাতি বিহু। অসমীয়া জাতিৰ সংস্কৃতি সামৰি কাতি বিহু আহি চোতাল পালেহি৷ তুলসী তলত, পথাৰত মাটিৰ চাকিয়ে আজি পোহৰৰ মেলা পাতিব৷ অসমীয়াৰ প্ৰান তিনিবিহুৰ অন্যতম এই কাতি বিহু বা কঙালি বিহুৰ ববে আজি ব্যস্ত হৈ পৰিছে অসমৰ জনজীৱন৷
আহিন মাহৰ দোমাহিৰ দিনা পালন কৰা কাতি বিহু কৃষিজীৱি অসমীয়াই অতি শ্ৰদ্ধা আৰু আদৰেৰে পালন কৰে। পথৰবোৰ সোণগুটিৰে জিলিকি উঠাৰ কামনাত প্ৰতিজন চহা অসমীয়াই পথাৰত চাকি জ্বলাই লখিমীক আদৰাৰ প্ৰস্তুতি চলাইছে৷
সমগ্ৰ ৰাজ্যৰ লগতে আজি ৰঙিয়াতো উলহ মালহেৰে কাতি বিহু পালন কৰাৰ প্ৰস্তুতি চলিছে৷ কাতি বিহু উপলক্ষে জীয়ৰী-বোৱাৰীসকলে ঘৰ-চোতাল মচি চিকুণ কৰা পৰিলক্ষিত হৈছে৷ পিচ পৰি ৰোৱা নাই শিশৗুসকলো৷ ব্যপক উলাহেৰে তুলসী গছ বিচাৰি আনি চোতালৰ আগত ৰুই কাতি বিহুৰ চাকি গছি দিয়াৰ যো-জা চলাইছে শিশুসকলে৷
প্ৰবল খৰাঙে গ্ৰাস কৰা কৃষিভূমিত পূৰ্বৰ তুলনাত এইবাৰ খেতি আশাপ্ৰদ হৈ উঠা নাই যদিও নিৰাশ নহৈ কৃষকসকলে সোণালী পথাৰত চাকি এগঠি জ্বলাই লখিমিক আদৰাৰ প্ৰস্তুতিত নামি পৰিছে৷
ইফালে কাতি বিহুৰ শুভক্ষণত পুৱাৰে পৰা আজি অঞ্চলটোৰ মন্দিৰ আৰু নামঘৰ সমূহত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ আয়তী আৰু ভকত সকলৰ গুৰুধ্বনিয়ে সমগ্ৰ ৰঙিয়া অঞ্চলৰ আকাশ বতাহত আজি ভক্তিৰ মাদকতা সিঁচি দিয়া পৰিলক্ষিত হৈছে৷