কৌশিকৰ দেহত জিবিএছ ভাইৰাচ, স্বাস্থ্যমন্ত্ৰীৰ সহায় লাগে পিতৃ সুশীল দেক

ওদালগুৰিঃ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মেধাৱী ছাত্ৰৰ সংকটজনক অৱস্থাই চিন্তিত কৰিছে এটি অঞ্চলক৷ অমায়িক, নিৰ্জু সকলোৰে আপোন যুৱকজনে হঠাৎ ৰোগত আক্ৰান্ত হৈ জীৱনটোৰ সৈতে যুদ্ধ কৰিব লগা হৈছে৷ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰজনৰ পৰিয়ালে অৰ্থৰ অভাৱত চিকিৎসা কৰাত ব্যাপক সমস্যাত পৰিছে৷

ওদালগুৰি জিলাৰ ওদালগুৰিৰ নিজৰাপাৰাৰ কৌশিক কাশ্যপ (১৮) নামৰ ছাত্ৰজনে গুৱাহাটী মহানগৰীৰ এআইএমটিৰ স্নাতকৰ ছাত্ৰ। সুশীল দে আৰু চম্পা দেৰ পুত্ৰ কৌশিকৰ দেহত ১৩ জানুৱাৰীত জিবিএছ ভাইৰাচৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ পাছত কৌশিকক গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত ভৰ্তি কৰে দৰিদ্ৰ পৰিয়ালটোৱে। কৌশিকৰ স্বাস্থ্য কিছু পৰিমাণে ভালৰ দিশে আহে যদিও গতি কৰিছিল যদিও পুনৰ স্বাস্থ্যৰ অৱনতি হোৱাত তেওঁক গুৱাহাটীৰ এপ'ল হাস্পতালত আইচিইউৰ ভেণ্টিলেশ্বনলৈ নিয়া হয়। পৰিয়ালৰ লোকে মেধাৱী ছাত্ৰজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে।

সাধাৰণ ব্যৱসায়েৰে পৰিয়াল পোহপাল দিয়া পিতৃয়ে নিজৰ সন্তানক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰি আছে যদিও চিকিৎসালয়ৰ বিল ব্যয় কেনেকৈ কৰিব তাৰ চিন্তাত দিন পাৰ কিছে৷ আনহাতে ধনৰ অভাৱত নিজ সন্তনটোক চিকিৎসা প্ৰদান কৰিবলৈ অসমৰ্থ হৈ পৰা বুলিও কয় পিতৃয়ে।

পৰিয়ালৰ লোক তথা কৌশিকৰ সহপাঠীয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাই মেধাৱী ছাত্ৰজনক সুস্থ হৈ ঘুৰি অহাৰ বাবে সহায় কৰিবলৈ আহ্বান জনায়। চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, ছাত্ৰজন সুস্থ হবলৈ যথেষ্ট দিনৰ প্ৰয়োজন হ’ব।

পিতৃৰ মতে চিকিৎসাৰ ব্যায় হ’ব কেইবা লাখ টকা৷ যাৰ বাবে স্বাস্থ্য মন্ত্ৰীগৰাকীৰ হস্তক্ষেপত যেন ছাত্ৰজন পুনৰ সুস্থ হৈ ঘুৰি আহে তাৰ কামনা কৰিছে পৰিয়াল তথা ওদালগুৰিৰ ৰাইজে৷ কোনো সুহৃদয় লোকে ছাত্ৰগৰাকীৰ আৰ্থিক দিশত সহায় কৰিব বিছাৰিলে ৯৬৭৮২৩১২৭৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালে। বৰ্তমান মেধাৱী ছাত্ৰ কৌশিকে এপ'ল হাস্পতালৰ বিচনাত জীৱনটোৰ সৈতে যুঁজ দিছে।