
কাজিৰঙাঃ ডিব্ৰুগড় জিলাৰ দুলীয়াজনাত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অগপ দলে ৩৩ সংখ্যাক প্ৰতিষ্ঠা দিৱস পালনৰ এদিন পিছতে প্ৰায় ৫ শতাধিক লোকে অগপত যোগ দান কৰে৷ অগপৰ সভাপতি অতুল বৰাৰ গৃহ জিলাত কংগ্ৰেছ এৰি যোগ দান কৰে অগপত৷
গোলাঘাট জিলাৰ কাজিৰঙাত দেওবাৰে ৫ শতাধিক লোকে অগপ দলত যোগদান কৰে৷ গোলাঘাটত কংগ্ৰেছত খহনীয়াৰ সৃষ্টি কৰি ৫ শতাধিক নেতা-কৰ্মী অগপত যোগ দিয়ে৷ গোলাঘাটত হাত এৰি হাতীত উঠিল ৫ শতাধিক কংগ্ৰেছ নেতা-কৰ্মী৷ অধিবক্তা দিগন্ত গগৈ আৰু পশ্চিম কাজিৰঙা গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ সভাপতি লক্ষণ কৰ্মকাৰ সহ দেওবাৰে অগপ সভাপতি অতুল বৰাৰ উপস্থিতিত কংগ্ৰেছ এৰি অগপত যোগদান কৰে৷