কাজিৰঙাৰ কৃষি বিষয়া প্ৰদীপ গগৈৰ স্মৃতিত পত্নী জীনা গগৈৰ কবিতাপুথি উন্মোচন

কাজিৰঙাঃ কাজিৰঙাৰ সৰবৰহী উদ্যমী যুৱক তথা বোকাখাত কৃষি বিভাগৰ সুদক্ষ বিষয়া প্ৰদীপ গগৈৰ সোমবাৰে বছেৰেকীয়া আদ্যশ্ৰাদ্ধ পালন কৰা হয় কাজিৰঙাৰ দিৰিং চাৰিআলিত অৱস্থিত তেওঁৰ নিজা বাসগৃহত। উল্লেখ্য যে, অভিশপ্ত ২০১৮ চনৰ ২৫ জানুৱাৰীৰ  দিনটোত বোকাখাতৰ কৰ্মস্থলীৰপৰা নিজৰ গাড়ীৰে আহি থকাৰ পথত লতাবাৰীত দুৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুক সাৱটি ল’ব লগা হৈছিল কাজিৰঙাৰ এগৰাকী সৰবৰহী ব্যক্তি প্ৰদীপ গগৈয়ে৷ 

প্ৰদীপ গগৈৰ মৃত্যুত বৃহত্তৰ কাজিৰঙা অঞ্চলটোতে শোকৰ ছাঁ পৰিছিল। অঞ্চলটোৰ এজন উদ্যমী যুৱক এনেদৰে অকালতে সকলোৰে মাজৰ পৰা হেৰাই যোৱাটো কোনেও বিচৰা নাছিল৷ কাজিৰঙাবাসীয়ে এগছি জ্বলি থকা চাকিৰ দৰেই প্ৰদীপ গগৈক নিজৰ হৃদয়ত সযতনে সামৰি ৰাখিছিল। যোৱা ২৫ জানুৱাৰীত কাজিৰঙাৰ নিজা বাসগৃহত প্ৰদীপ গগৈৰ আদ্যশ্ৰাদ্ধ পালন কৰা হয়৷ পুৱাৰ ভাগত ভকত বৈষ্ণৱে নামকীৰ্ত্তণ কৰে। ইয়াৰ পাছতেই প্ৰদীপ গগৈৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শংকৰদেৱে শিশু নিকেতনৰ প্ৰধান আৰ্চায্য ৰঞ্জন ৰাজখোৱাই। উল্লেখ্য যে, স্বামীৰ মৃত্যুৰ পাছতেই পত্নী জীনা গগৈয়ে স্বামীৰ স্মৃতিত বিগত এটা বছৰত লিখি উলিয়াইছিল এখন কবিতা পুথি। 

কবিতা পুথিখনৰ নাম "সেওঁতাত পলাশ, শিমলু নুফুলা দিনৰ আল্পনা"৷ স্বামীৰ মৃত্যুৰ পাছত নিজকে জীৱন্তে মৃত অনুভৱেৰে জীৱনটো অসহনীয় হৈ পৰা প্ৰদীপ গগৈৰ পত্নী জীনা গগৈয়ে স্বামীৰ সৈতে কটোৱা প্ৰতিটো বৰ্ণিল মুহূৰ্ত কবিতা পুথিখনৰ প্ৰতিটো কবিতাৰ  জৰিয়তে প্ৰকাশ কৰিছে৷ এই কবিতাবোৰত জীপাল হৈ উঠিছে কবি জীনা গগৈৰ স্বামীৰ প্ৰতি থকা অগাধ প্ৰেম। 

স্বামীৰ অনুপ্ৰেৰণা আৰু স্বামীৰ জীৱিত কালৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই জীনা গগৈয়ে প্ৰকাশ কৰি উলিওৱা তেখেতৰ কবিতা পুথিখন স্থানীয় ৰাইজৰ উপস্থিতিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী তথা অসম সাহিত্য সভাৰ ‘আকাশ’ উপ সমিতিৰ কাৰ্যকৰী সভাপতি সুৱৰ্ণ শইকীয়া বৰদলৈয়ে উন্মোচন কৰে৷ 

পুথিখন উন্মোচন কৰি সুৱৰ্ণ শইকীয়া বৰদলৈয়ে কবিতা পুথিখনৰ সন্দৰ্ভত এক সাৱলীল বক্তব্য আগবঢ়োৱাৰ লগতে জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈ, বিশিষ্ট সাংবাদিক ৰঞ্জিত ৰজক, শিক্ষক ড° কমল গগৈ আৰু উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলেও জীনা গগৈৰ উক্ত কবিতা পুথিখনৰ সন্দৰ্ভত বক্তব্য ৰাখে৷ আনহাতে, উক্ত অনুষ্ঠানটিত উপস্থিত সকলোৱেই প্ৰদীপ গগৈৰ অঞ্চলটোৰ প্ৰতি থকা আন্তৰিকতাৰ বাবেই তেখেতৰ নামত কাজিৰঙাত এটা পুথিভঁৰাল স্থাপন কৰিবলৈ পৰিয়ালক পৰামৰ্শ দিয়ে। উল্লেখ্য যে, প্ৰদীপ গগৈৰ স্মৃতিত আজি এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানত সকলোকে আন্তৰিকতাৰে সামৰি লোৱা এইগৰাকী প্ৰদীপ গগৈক সুঁৱৰি উপস্থিত থকা সকলোৱে বেদনাহত হৈ উচুপি উঠিছিল৷