
newsnextone.com | কাজিৰঙাঃ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গঢ় দিয়া কাজিৰঙাৰ অৰ্কিড পাৰ্কে ৬ বিঘা অতিৰিক্ত ভূমি দখল কৰা বুলি অভিযোগ উত্থাপন কৰে গোলাঘাট জিলা প্ৰশাসনে৷ শীঘ্ৰেই এই ভূমি দখলমুক্ত কৰিব বুলি ইতিমধ্যে প্ৰশাসনে জাননী জাৰি কৰিছে। এই খবৰ ৰাজহুৱা হোৱাৰ পিছতে কৃষক নেতা অখিল গগৈয়ে কেৱল ৰাজনৈতিক আক্ৰোশ পূৰণৰ বাবেই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্থাপন কৰা কাজিৰঙা জাতীয় অৰ্কিড উদ্যানলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে৷ চৰকাৰে যোৱা ৫ জুলাইত উচ্ছেদৰ জাননী প্ৰদান কৰা কাৰ্যক চূড়ান্ত অগণতান্ত্ৰিক আখ্যা দি গগৈয়ে এই উচ্ছেদ যদি কৰা হয় তেন্তে চৰকাৰৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি হুংকাৰ দিয়ে।
ইতিমধ্যে অবৈধ ভাৱে চৰকাৰী ভূমি দখল কৰাৰ অভিযোগত অৰ্কিড উদ্যানখনৰ বিৰুদ্ধে উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে। অখিল গগৈয়ে অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে এই জাননী প্ৰেৰণ কৰা বুলি কৈ গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেৰ নামত বোকাখাত চহৰৰ মাজমজিয়াত চৰকাৰী ভূমি দখল কৰি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে। কৃষক নেতা গগৈয়ে কয় যে ইতিমধ্যে অৰ্কিড উদ্যানখনে মুঠ ৬ বিঘা ১ কঠা ১২ লোচা চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰি গোলাঘাট জিলা প্ৰশাসনে যোৱা ৫ জুলাইত অবৈধ ভাৱে কৰা নিৰ্মাণ কৰা গৃহ আৰু অন্যান্য সামগ্ৰী সাত দিনৰ ভিতৰত অাঁতৰাই নিবলৈ অৰ্কিড উদ্যান কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰিছে।
কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ অধ্যক্ষ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে চৰকাৰে উচ্ছেদ কৰিব বিচৰা ভূমি অংশৰ ভিতৰত আছে গোৰ্খা সম্প্ৰদায়ৰ সংগ্ৰহালয় য’ত গোৰ্খাসকলৰ ২৬০০ বিধ সংগ্ৰহ আছে, উত্তৰ-পূৱৰ ৫৪ প্ৰজাতিৰ বাঁহৰ সংগ্ৰহ উদ্যান, ১০১ বিধ শাকৰ উদ্যান, ঢেকীয়া সংগ্ৰহ উদ্যানৰ লগতে পৰ্যটকৰ বাবে নৌকা বিহাৰৰ এটা পুখুৰী আছে বুলি কয়।
অখিল গগৈয়ে বিজেপি চৰকাৰৰ বিৰোধ কৰি অখিল গগৈ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবেই চৰকাৰে আক্ৰোশমূলক ভাৱে এই সিদ্ধান্ত লোৱা বুলি কয়। কাজিৰঙাত চাহ বাগিচাৰ নামত একাংশই হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰি থকাৰ লগতে ৰাজ্যখনত আন ঠাইত বেদখল হোৱা চৰকাৰৰ দৃষ্টিত পৰা নাই। গোলাঘাট জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে কৰা বেদখল সন্দৰ্ভতো চৰকাৰ নীৰৱ। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো কঠোৰ সমালোচনা কৰি অখিল গগৈয়ে এই সিদ্ধান্ত বৰ্জন কৰিবলৈ আহ্বান জনায়। তদুপৰি, ভাৰতৰ ভিতৰতে গুৰুত্ব পোৱা অৰ্কিড উদ্যানৰ উচ্ছেদ প্ৰসংগক প্ৰতিহত কৰিবলৈ সমগ্ৰ শক্তিৰে কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰস্তুত বুলি হুংকাৰ দিয়ে অখিল গগৈয়ে।
নাগৰিকত্ব সংশােধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবেই কৃষক মুক্তি সংগ্ৰাম সমিতিক ব্লেক মেইলিঙৰে অর্কিড উদ্যানলৈ উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে বুলি প্রতিক্রিয়া ব্যক্ত কৰিছে জীপাল কৃষক-শ্ৰমিক সংঘই। সংগঠনটোৰ উপদেষ্টা সােণেশৰ নৰহ আৰু প্ৰণৱ দলেৰ লগতে সভাপতি মণ্টু বৰা আৰু সম্পাদক পুতল নৰহে স্বাক্ষৰ কৰা এক বিবৃতিত উল্লেখ কৰিছে যে ইতিমধ্যে অসমৰ সমাজ জীৱনত জাতীয় সম্পদৰূপে প্রতিষ্ঠা লাভ কৰা কাজিৰঙা অর্কিড পাৰ্কৰ ওপৰত উচ্ছেদৰ জাননীয়ে চৰকাৰী যন্ত্ৰৰ অশুভ ইংগিত বহন কৰিছে। সংগঠনটোৱে স্পষ্ট ভাৱে প্রকাশ কৰে যে যি দুষ্টচক্ৰৰ প্ৰৰােচনাত বিভাগীয় মহলে এই সিদ্ধান্ত গ্রহণ কৰিছে সেই সকলৰ অসমৰ সামাজিক জীৱনত অৱদান কিবা অৱদান আছে জানো।
অসমত থলুৱা ভূমিপুত্ৰৰ লাখ লাখ বিঘা মাটি পুঁজিপতিয়ে দখল কৰােতে, বহু চাহ কোম্পানীয়ে এতিয়াও ধনৰ ক্ষমতাত চৰকাৰী পক্ষক নিজৰ আয়ত্বত ৰাখি ভূমি দখল কৰি মুনাফা লুটি আছে, হাজাৰ চৰকাৰী ভূমিক ব্যক্তিগত কোম্পানী, ৰিচৰ্টৰ নামত দখল কৰি থাকোতে, ৰাজআলিৰ দুয়ো কাষৰ বহু ভূমি পুঁজিপতি বণিয়াৰ হাতত বিলীন হৈ থাকোতে সেই ক্ষেত্ৰত কিমান ভূমি জাননী অথবা উচ্ছেদেৰে উভতাই থলুৱা লােকক সংস্থাপিত কৰিছে বুলিও জীপাল কৃষক-শ্ৰমিক সংঘই বিবৃতিটোযোগে প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ উপৰিও সংগঠনটোৱে কটাক্ষ কৰি কয় যে গৰু চোৰ অথবা ব্যক্তিগত বিবাদ নিষ্পত্তি কৰিবৰ বাবে মহকুমাধিপতি, জিলা উপায়ুক্ত কাৰ্যালয়ত ঘূৰণীয়া মেজ-মেল বহুৱাব পৰা চৰকাৰী পক্ষই কিহৰ বাবে এটা জাতীয় সংগঠনৰ নেতৃত্বত গঠিত হােৱা আৰু সামাজিক ভাবে পঞ্জীয়ণকৃত অনুষ্ঠানক সন্মান সহকাৰে আলােচনাত বহি সমাধান দিব নােৱাৰে বুলিও প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে।
প্ৰয়োজন সাপেক্ষে স্থানীয় বিভিন্ন দল-সংগঠন, অনুষ্ঠান, সচেতন ব্যক্তি স্থানীয় ৰাইজক লৈ এক ৰাজহুৱা শুনানী অথবা ঘূৰণীয়া মেজমেল দিয়াৰ বিপৰীতে উচ্ছেদৰ জাননী দি জাতীয় আবেগক পদাঘাত কৰিছে প্ৰশাসনে। এয়া সম্পূর্ণ ৰাজনৈতিক উদেশ্য প্রণােদিত আৰু শেহতীয়া নাগৰিকত্ব সংশােধনী বিধেয়েকৰ বিৰােধিতা অভিযানত কৃষক মুক্তি সংগ্রাম সমিতিৰ বলিষ্ঠ ভূমিকাক কণ্ঠৰােধ কৰাৰ গভীৰ ব্লেক মেইলিঙৰ দৰে নিকৃষ্ট ৰাজনীতি কৰা বুলি অভিযােগ তুলি সংগঠনটোৱে বিজেপি-এজিপি মিত্ৰজোঁট চৰকাৰৰ এয়া কু-অভিসন্ধি বুলিও স্পষ্ট কৰে বিবৃতি যোগে। আন এক আছুতীয় সাক্ষাৎকাৰত জীপাল কৃষক শ্রমিক সংঘৰ উপদেষ্টা সােণেশৰ নৰহে মত প্রকাশ কৰে যে এই উচ্ছেদৰ জাননী জাতীয় আবেগৰ পৰীপন্থী।
যি কাম চৰকাৰ মহাজনে কৰি দেখুৱাব পৰা নাই সেই কাম এক সাংগঠনিক, জাতীয় উমৈহতীয়া মতাদৰ্শৰ ভেটিত ক’অপাৰেটিভ চচাইটিৰ অধীনত জাতীয় অর্কিড পাৰ্কখন পৰিচালনা কৰি আহিছে। গতিকে যদি আঁসােৱাহ আছিলেই তেন্তে চৰকাৰৰ সৎ সাহস নহ'ল কিয় স্থানীয় ৰাইজ-দল সংগঠনক লগত লৈ ৰাইজমেল পাতি মীমাংসা কৰাত। ধন আৰু পুলিচৰ ক্ষমতাৰে বুলডজাৰ নি উচ্ছেদ কৰা কাৰ্যপন্থা অতি সহজ কাম। ই সমাধানৰ পথ হ'বই নােৱাৰে। ইয়াৰ বিপৰীতে এটা জাতীয় সংগঠনৰ দ্বাৰা পৰিচালিত প্রতিষ্ঠান এটাক জাননী জাৰি কৰি কেৱল এটা সংগঠনক দিয়া জাননী নহয়। ই জাতিটোৰ বাবেই এক চূড়ান্ত ভাবুকি।
ইয়াক বিক্ষিপ্ত ঘটনাৰূপে বিবেচনা নকৰি সচেতন নাগৰিকে প্রতিবাদ কৰা উচিত। কাক ৰঙা দলিছা পাৰি দিবলৈ এই ভূমি দখল মুক্ত কৰাৰ ফন্দি পাতিছে এই কথাও ৰাজহুৱা কৰা উচিত বুলি চৰকাৰী পক্ষক প্রশ্ন কৰে নৰহে। প্রত্যাহবান জনাই কয় যে ৰাইজে হেৰুৱাই অহা লাখ লাখ বিঘা চৰকাৰী ভূমিক ব্যক্তিগত কোম্পানী, পুঁজিপতি, বণিয়াই দখল কৰি ৰখা মাটি আঙুলিয়াই দিব, এই মাটি উভতাই জনতাক সংস্থাপিত কৰিব পাৰিবনে? এইবােৰ প্রশ্ন মীমাংসিত নকৰাকৈ কোনােপধ্যেই জাতীয় অনুষ্ঠানৰ ওপৰত উচ্ছেদৰ দৰে অগণতান্ত্রিক পন্থাক অৱলম্বন নকৰিবলৈ চৰকাৰক সকিয়াই দিয়ে।