
কাজিৰঙাঃ শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ গণনা সম্পূৰ্ণ হয়৷ শুকুৰবাৰে বন বিভাগে প্ৰকাশ কৰা তথ্য মতে, বৰ্তমান উদ্যান খনৰ গঁড়ৰ সংখ্যা ২৪১৩টা। ২০১৫ চনত গঁড়ৰ তুলনাত গঁড বৃদ্ধি নোহোৱাটো একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে৷ ২০১৫ চনত হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা আছিল ২৪০১টা৷
ৰাজ্য চৰকাৰে গঁড় সুৰক্ষা তথা বৃদ্ধিৰ বাবে কোটি কোটি টকা খৰছ কৰি আহিছে যদিও তিনি বছৰত মাথো ১২ গঁড় বৃদ্ধি হোৱাৰ ঘটনাই সকলোৰে চকু কপালত তুলিছে৷ ধাৰাবাহিক গঁড় হত্যাই গঁড়ৰ সংখ্যা কমাইছে নেকি প্ৰশ্ন উত্থাপন হৈছে৷ আন একাংশই উদ্যানৰ ভিতৰত গঁড় থকাৰ পৰিৱেশ ক্ৰমান্বয়ে কমি হোৱাৰ ফলতেই গঁড়ৰ সংখ্যা কমি অহা বুলি কব খোজে৷ ইপিনে স্থানীয় ৰাইজে এই সংখ্যাক লৈ বিভ্ৰান্তি আছে বুলি কৈ গঁড়ৰ সংখ্যা বঢ়াই তথ্য দাখিল কৰে বুলিও কব খোজে৷
যিয়ে নহওক ৩ বছৰত কাজিৰঙা উদ্যানত গঁড় বৃদ্ধি হৈছে মাত্ৰ ১২টা। কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানত ৭৪টা কম্পাৰ্টমেণ্টত ২৪১৩টা গঁড়হে লাভ কৰে বনবিভাগে।
বিভিন্ন সময়ত ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ অকাল মৃত্যুৰ ঘটনা সংঘটিত হৈছে যদিও কাজিৰঙা বনবিভাগে সেয়া লুকুওৱাৰ অভিযোগ একপ্ৰকাৰ সঁচা প্ৰমাণিত হৈছে বুলি কব খোজে। উল্লেখ্য যে, যোৱা ২৬ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত সম্পন্ন হয় ২০১৮ বৰ্ষৰ গঁড় গণনা। পুৱাৰে পৰা আৰম্ভ হোৱা গঁড় গণনাৰ প্ৰথম দিনটোত কহঁৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলত ডিফলু নৈৰ দক্ষিণ পাৰে ৩৬ কম্পাৰ্টমেণ্টত সম্পন্ন হয় গণনা।
আনহাতে, ২৭ মাৰ্চত অগৰাতলি বনাঞ্চল তথা ডিফলু নৈৰ উত্তৰ পাৰৰ ৩৮টা কম্পাৰ্টমেন্টত হাতী পিঠিত উঠি গণনা কৰা হয়৷ সংগ্ৰহ কৰা তথ্যৰ বিশ্লেষণৰ ভিত্তিত ২৮ মাৰ্চৰ পাছত গঁড় গণনা-২০১৮ৰ গঁড়ৰ সংখ্যা চূড়ান্ত কৰা হ’ব বুলি অৱগত কৰে বনবিভাগে। গঁড় গণনা-২০১৮ত বনবিভাগৰ বিভিন্ন বিষয়াৰ লগতে বেচৰকাৰী সংগঠন, সংবাদ মাধ্যমৰ লোকেও অংশগ্ৰহণ কৰে।
কাজিৰঙাৰ গঁড় গণনাত স্থানীয় লোক, বেচৰকাৰী সংস্থা, ছাত্র সংগঠনৰ সদস্যক অন্তৰ্ভুক্ত কৰাৰ পৰা বিৰত থাকে বনবিভাগ। ইপিনে, ২০১৮ বৰ্ষৰ গঁড় গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পোৱা গঁড়ৰ সংখ্যা ২৪১৩টা। ইয়াৰে, প্ৰাপ্তবয়স্ক গঁড়ৰ ৬৪২ টা মতা আৰু ৭৯৩টা মাইকী। আনহাতে, লিংগ নিৰ্ধাৰণ কৰিব নোৱাৰা গঁড়ৰ সংখ্যা ২০৬টা। চাৰিৰ পৰা ছয় বছৰ বয়সৰ ভিতৰত থকা গঁড় সংখ্যা মতা ১১৬টা, মাইকী ১৪৯টা আৰু লিংগ নিৰ্ধাৰণ কৰিব নোৱাৰাৰ সংখ্যা ১২২টা।
এবছৰ বয়সৰ ১৫৫টা, এবছৰৰ ওপৰৰ চাৰি বছৰৰ তলৰ গঁড়ৰ সংখ্যা ২৩০টা। ইপিনে, তিনি বছৰত মাত্ৰ ১২টা গঁড়হে বৃদ্ধি পোৱাৰ কাৰণ কি বোলা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এন কে বাসুৱে উদ্যানৰ হাবি ভালদৰে জ্বলাই নেপেলোৱাৰ ফলতই বহু ঠাইত গঁড় গণনাত অসুবিধা হয় বুলি কয়। সেয়ে হয়তো গঁড়ৰ সংখ্যা আশা কৰাতকৈ হ্ৰাস পায়। যাৰ বাবেই ২০১৯ বৰ্ষত কাজিৰঙাত পুনৰ গঁড় গণনা কৰা হ'ব বুলি অৱগত কৰে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) গৰাকীয়ে।
উদ্যানৰ হাবি ভালকৈ জ্বলোৱা হোৱাই নাছিল তেনে স্থলত কেইবা লাখ টকা চৰকাৰী ধন অপচয় কৰি কিয় কৰা হ'ল কাজিৰঙাৰ গঁড় গণনা। ৰাজ্যৰ বন বিভাগৰ এটা সূত্ৰই জনোৱা অনুসৰি, ৰাইন' ভিজন ২০২০ত মতে ২০২০ চনৰ ভিতৰত গঁড় থকা অসমৰ সমূহ বনভূমি এলেকাত সৰ্বমুঠ ৩০০০ গঁড় হ'ব লাগে। তেতিয়া বাহিৰা পুঁজিৰ পৰিমাণ বহু বৃদ্ধি পাব। যাৰ বাবেই গঁড় গণনা কৰি প্ৰত্যেক বাৰেই ভুৱাকৈ হ'লেও গঁড়ৰ সংখ্যা বৃদ্ধি কৰি থকা হৈছে। ইফালে, ইটোৰ পাছত সিটোকৈ গঁড় হত্যাই জোকাৰি যোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় গণনাৰ সময়তে উদ্যানত উদ্ধাৰ কৰা হয় তিনিটাকৈ মৃত গঁড়ৰ দেহ।
আনহাতে, কাজিৰঙা বনবিভাগে নহয় বৰং গঁড় গণনাৰ বাবে কাজিৰঙাৰ বাহিৰৰ পৰা অহা গঁড় গণনাকাৰী বিষয়াইহে উদ্ধাৰ কৰে গঁড়ৰ মৃতদেহ। ইয়াৰে, গঁড়ৰ এটা মৃতদেহ উদ্যানৰ বাগৰি বনাঞ্চলৰ গেন্দামাৰী বনশিবিৰ এলেকাত গঁড় গণনা কৰি থকা অৱস্থাত প্ৰত্যক্ষ্ষ কৰে গণনাকাৰী বিষয়াই। গঁড়টোৰ দেহত থকা আঘাতৰ চিনলৈ চাই পৰস্পৰৰ স'তে যুঁজ লাগিয়েই গঁড়টোৰ মৃত্যু হৈছে বুলি ধাৰণা কৰা হৈছে।
ইফালে, অক্ষত অৱস্থাত বনবিভাগে উদ্ধাৰ কৰে মৃত গঁড়ৰ খৰ্গটো। ইয়াৰ উপৰিও গঁড় গণনাৰ সময়ত উদ্যানৰ কহঁৰা বনাঞ্চলত আন দুটা মৃত গঁড় উদ্ধাৰ কৰে গঁড় গণনাকাৰীয়ে। নতুনকৈ ঘাঁহ গজিবৰ বাবে প্ৰতি বছৰেই ফেব্ৰুৱাৰীৰ শেষত আৰু মাৰ্চৰ প্ৰথম অৱস্থাত কাজিৰঙাত শুকান হাবি-বন জ্বলাই কণ্ট্ৰল বাৰ্ণিং কৰা হয়। শুকান হাবি দাহ কৰাৰ বাবে মাৰ্চত অহা প্ৰথম জাক বৰষুণত নতুন ঘাঁহ গজিবলৈ আৰম্ভ কৰে উদ্যান খনত। কিন্তু যোৱাটো সময়ছোৱাত শুকান হাবি ভালদৰে নজ্বলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ ফলত উদ্যানৰ ভিতৰ ভাগত গঁড়ৰ বাবে খাদ্য সংকটৰ সৃষ্টি হৈ অহাৰ অভিযোগ উত্থাপন হৈছে৷
যাৰ বাবেই কাজিৰঙাৰ বন্য প্ৰণী অধিক হিংস্ৰ হোৱাৰ লগতে পৰস্পৰৰ মাজত যুঁজ কৰাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়া মৃতদেহ উদ্ধাৰ হোৱা গঁড়ৰ মৃত্যুৰ কাৰণ খাদ্যৰ অভাৱ হ'ব পাৰে বুলিও বনবিভাগৰ এটা সূত্ৰই প্ৰকাশ কৰে।
ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) এন কে বাসু, বন সংৰক্ষক জে আহমেদ, ডি এফ অ' ৰোহিণী বল্লৱ শইকীয়া আৰু গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই নিৰাপত্তাজনিত কাৰণত কোনটো এলেকাত গঁড়ৰ সংখ্যা সৰ্বাধিক আৰু কিমান সেই কথা ক'ব পৰা নাযায় বুলি উদ্ভট যুক্তি প্ৰদৰ্শন কৰে৷ গঁড়ৰ সংখ্যা স্পষ্ট কৰিলে কিবা ৰহস্য ফাদিল হোৱাৰ ভয়তে বনবিভাগে উদ্ভট যুক্তি প্ৰদৰ্শন কৰিছে। এইবাৰ কাজিৰঙাৰ গঁড় গণনাত গণনাকাৰীৰ পৰা লোৱা তথ্যৰ বিভ্ৰাট কৰি নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবেই গঁড়ৰ সংখ্যা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন হৈছে৷
উল্লেখ্য যে, কাজিৰঙাত প্ৰণালীবদ্ধভাৱে গঁড় গণনাৰ কাম ১৯৬৬ চনত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছিল আৰু সেই গণনাত ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ৩৬৬টা গঁড় পোৱা গৈছিল৷ পূৰ্বতে কাজিৰঙাত প্ৰতি চাৰি বছৰৰ মূৰে মূৰে গঁড় গণনা কৰা হৈছিল যদিও সম্প্ৰতি তিনি বছৰৰ মূৰে মূৰে গঁড় গণনা কৰা হয়।
যাৰ বাবে স্থানীয় লোক, ছাত্ৰ সংগঠন, স্থানীয় এন জি অ'ৰ কৰ্মীক গঁড় গণনাৰ পৰা আঁতৰাই ৰখা হৈছে। তদুপৰি, স্থানীয় সংবাদ মাধ্যমৰ লোকক বনবিভাগে নিৰ্ধাৰণ কৰা ধৰণেহে যাবলৈ অনুমতি প্ৰদান কৰা হয়। ইতিপূৰ্বে কাজিৰঙাত ২০১৩ চনৰ গণনাত ২,৩২৯টা, ২০১৫ চনৰ গণনাত ২,৪০১ টা গঁড় পোৱা গৈছিল৷