একত্ৰিত হ’ল যুৱ প্ৰজন্ম, গঁড় হত্যা ৰোধৰ বাবে গাঁৱে গাঁৱে শ্ল’গান

কলিয়াবৰ/কাজিৰঙাঃ লোকসভা-বিধানসভা নিৰ্বাচনত বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি বিজেপিয়ে শাসনৰ গাডীত বহিছিল যদিও শ্ল’গান-প্ৰতিশ্ৰুতি যেন ফুটুকাৰ ফেনত পৰিণত হ’য়৷ কাজিৰঙাত গঁড় হত্যা কৰি চোৰাং চিকাৰীয়ে খৰ্গ কাটি নিয়াৰ ঘটনা সংঘটিত হৈয়ে আহিছে৷ গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ ঘটনা সংঘটিত হৈ অহাত ৰাইজে কবলৈ বাধ্য হৈছে অসম গৌৰৱ সুৰক্ষাত ব্যৰ্থ হৈছে প্ৰমিলা ৰাণী ব্ৰহ্মৰ বনবিভাগ তথা অসম চৰকাৰ৷ বৰ বৰ কথা কলেও গঁড় হত্যা ৰোধ কৰাত বিফল চৰকাৰ৷

অসমীয়াৰ মান-অভিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ক সুৰক্ষা দিয়াত যেন বাৰে বাৰে ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ, বন বিভাগ। চোৰাংচিকাৰীৰ গুলীত গঁড়ৰ মৃত্যু হৈ আহিছে আজিও৷ আনহাতে বছৰৰ ছয়মাহ বানৰ পানীত ডুবে কাজিৰঙা৷ হাহাকাৰ কৰিব লগা হয় বন্য প্ৰানীয়ে৷ এটুকুৰা ওখ ঠাই বিছাৰি পানীত কেৱল মুৰ উলিয়াই মৃত্যুৰে সৈতে যুজ দিব লগা হয়৷ আশ্ৰয়বিহীন জীৱ-জন্তুৰ আশ্ৰয় লবলে নাপায় এটুকুাৰ ঠাই৷ খাদ্য আৰু আশ্ৰয় বিচাৰি বন্যপ্ৰানী ওলাই আহে জনাঞ্চললৈ৷

যাৰ ফলত গাড়ীৰ চেপাত মানুহৰ হাতত মৃত্যু হয় বন্য জীৱ-জন্তুৰ৷ জীৱ-জন্তুৰ বাবে হাইলেণ্ড তথা ওখ ঠাই নিৰ্মণৰ বাবে গুৰুত্ব আৰোপ কৰা দেখা নযায়৷ ১৫ বছৰীয়া কংগ্ৰেছৰ শাসনত কেইবাবাৰো জীৱ-জন্তুৰ বাবে হাইলেণ্ড নিৰ্মাণৰ বাবে যোজা চলাইছিল যদিও সকলোবোৰ ফুটুকাৰ ফেন হৈ পৰে৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে কাজিৰঙাৰ জীৱ-জন্তু ৰক্ষাৰ বাবে ন-ন আঁচনি ঘোষণা কৰিছিল যদিও ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৱে এটুকুৰা ওখ ঠাইৰ বাবে ককবকাবলগীয়াত পৰে৷

তাৰ মাজতে পৃথিৱীৰ বিখ্যাত অসমৰ এশিঙীয়া গঁড় হত্যা ৰোধ কৰাৰ দাবীত আৰু চোৰাং চিকাৰীৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে বোকাখাতৰ পৰা জখলাবন্ধালৈ শকুৰবাৰে কেইবাটাও সংগঠনৰ নেতৃত্বত উলিয়াই বাইক ৰেলী৷ কাজিৰঙা জীপ ছাফাৰি সন্থা, ৱাইল্ড ভিউ ফাউণ্ডেছন, কাজিৰঙা প্ৰেছ ক্লাৱ, কাজিৰঙা জাৰ্ণেলিষ্ট এছচিয়েচন, আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, আটছা, এবিভিপি আদিৰ সংগঠনৰ লোকে অংশ গ্ৰহণ কৰে ৰেলীত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন শ্ল’গান দি ৰাজ পথ উত্তাল কৰি তোলে৷

কাজিৰঙাৰ বন বিভাগৰ উদ্যোগত গঁড় হত্যা ৰোধ কৰাৰ দাবীত বোকাখাতৰ পৰা জখলাবন্ধালৈ ৭০ কিঃ মিঃ পথ সজাগতামুলক বাইক ৰেলী জৰিয়তে কাজিৰঙাৰ দাঁতি কাষৰীয়া ৰাইজক সজাগ কৰাৰ চেষ্টা চলাই৷ চোৰাং চিকাৰীক হুচিয়াৰ কৰি গাঁৱে গাঁৱে সোমাই বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ উত্তাল কৰে৷ বোকাখাতৰ ৰাজহুৱা খেল পথাৰত বাইকৰেলীৰ আৰম্ভ কৰে গোলাঘাটৰ আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰয় আৰু বোকাখাতৰ মহকুমাধিপতি ধীৰাজ দাসে। অনুষ্ঠানত উপস্থিত থাকে ৱাইল্ড লাইপ পিচিচিএফ এন কে বাসু, কাজিৰঙাৰ  সঞ্চালক এছ সিং আৰু জিলা বন বিষয়া আৰ বি শইকীয়া৷