আকৌ চুলাই সেৱন কৰি নুমলিগড়ত এজনৰ মৃত্যু

কাজিকঙাঃ নুমলীগড়ত চুলাই সেৱন কৰি এজনৰ মৃত্যু। মৃত লোকজনৰ নাম বাবুলাল কৰ্মকাৰ। আন এজন গুৰুতৰভাৱে অসুস্থ হোৱা বুলি জানিব পৰা গৈছে। তেওঁৰ নাম ৰাজেন বাউৰী।

নুমলীগড় চাহ বাগিচাৰ বৰ লাইনত এই ঘটনা। অসুস্থ ৰাজেন বাউৰিক গোলাঘাটলৈ নিয়াৰ যো-জা কৰা হৈছে।