নগাঁৱত ৪৩ কেকোঁসাপ উদ্ধাৰ, আটক তিনি চোৰাং ব্যৱসায়ী

চামগুৰিঃ নগাঁও আৰক্ষীৰ জালত পৰিছে কেঁকোসাপৰ চোৰাং ব্যৱসায়ী৷ এক বিশেষ সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীয়ে পুৰণিগুদামৰ পোতনি মুছলমানগাঁৱত চলোৱা এক অভিযানত বিৰল প্ৰজাতিৰ ৪৩ ডালকৈ কেঁকোসাপ উদ্ধাৰ কৰাৰ লগতে ৩ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়৷

ধৃত তিনিজনলোক ক্ৰমে মুছফিকুল ৰহমান, নাজিৰ আলি, জিতেন শইকীয়া বুলি জানিব পৰা গৈছে৷ বিশেষ সূত্ৰে জানিব পৰামতে, এই চক্ৰটোৱে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা বিৰল প্ৰজাতিৰ কেঁকোসাপ সংগ্ৰহ কৰি ডিমাপুৰলৈ সৰবৰাহ কৰি আহিছিল৷ বৰ্তমান আৰক্ষীয়ে কেঁকোসাপ কেইডাল নগাঁও বনবিভাগক গতাই দিয়াৰ লগতে চোৰাং ব্যৱসায়ী তিনিজনক মাৰাথান জেৰা চলাই আছে। বৰ্তমান নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত কেঁকোসাপৰ চোৰাং ব্যৱসায় অব্যাহত অাছে৷