
newsnextone.com। তেজপুৰঃ শোণিতপুৰৰ বালিপৰাত সংধটিত হৈছে এক আচৰিত ঘটনা। অস্ত্র দেখুৱাই গাড়ীসহ ছয়টাকৈ গৰু লৈ উধাও দুৰ্বৃত্তৰ। শুকুৰবাৰে নিশা বালিপৰাৰ সমীপৰ সোতৰ মাইলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা।
নিশা প্ৰায় ১২ বজাত গোগামুখৰ পৰা এখন বলেৰ পিক আপ ভানত ছয়টাকৈ গৰু কঢ়িয়াই ধলা অভিমুখে মুজামিল হক আৰু বাবু আলি নামৰ দুই চালক আৰু হেণ্ডিমেন আহি থকা অৱস্থাত সোতৰ মাইলত পূৰ্বৰে পৰা ৰৈ থকা ছজনীয়া এটা দলে গাড়ীখনক আন এখন ইয়ন গাড়ীৰে আগচি ধৰি মৰানাস্ত্র দেখুৱাই দুই চালক আৰু হেণ্ডিমেনক নমাই আনি চকুত কলা কাপোৰ বান্ধি লুটপাট চলায়।
আৰু আন চাৰিজনে গৰুসহ পিক আপ ভানখন লৈ অন্তৰ্ধান হৈ পৰে। ইপিনে দুৰ্বৃত্তৰ দলটোৰ বাকী দুজন সদস্যই চালক, হেণ্ডিমেনক নি জীয়াভৰলী নৈৰ পাৰত ঘন বাহনিৰ মাজত বান্ধি মাৰপিট কৰাৰ লগতে প্ৰাণে মৰাৰ পৰিকল্পনা কৰি থকাৰ উমান পাই দুয়োজনে পুৱতি নিশা ৩ -৩০ বজাত কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয়।
পাছত মুজামিল আৰু বাবু আলিয়ে কাষতে থকা গঞা ৰাইজক জগাই সমস্ত ঘটনা বিৱৰি কোৱাত ৰাইজে দুই দুৰ্বৃত্তৰ এজনক খেদি খেদি ধৰি উত্তম মাধ্যম সোধায় আৰক্ষীক চমজাই দিয়ে যদিও আন এটা চোৰ পলাই যাবলৈ সক্ষম হয়। ধৃত চোৰটো ঠেলামৰাৰ জামিৰ হুছেইন বুলি জানিব পৰা গৈছে। চুৰি হোৱা গাড়ী খনৰ নম্বৰ এএচ-২৫ডিচি৩০২৩।