বিষাদৰ গান গোৱা খৰ্গেশ্বৰৰ কথা কোনোৱে কিয় নাভাবিলে!

গোৰেশ্বৰঃ গান ভাল পোৱা এজন মানুহ৷ তেও যেন অসমীয়া গানৰ যুগমীয়া প্ৰেমীক৷ কেতিয়াবা চাহৰ দোকানত, কেতিয়াবা চ’ক বজাৰত তেও গান গাই৷ ৬০ দশকৰ পৰা ৯০ৰ দশকৰ জনপ্ৰিয় প্ৰতিটো অসমীয়া গান তেওৰ মুখস্থ আছে৷ তেওৰ মুখৰ পৰা আপুনি কোনটো গান শুনিব৷ ভূপেন হাজৰিকাৰ পৰা প্ৰতিমা পাণ্ডেলৈকে তাহানিৰ সকলো গান তেওৰ অন্তৰত থুপ খাই আছে৷

তেওৰ মুখৰ পৰা আপুনি কোনটো গান শুনিব এবাৰ কলেই হ’ল৷ তেও আপোনাৰ সেই গানটো গাই শুনাব৷ চ’ক, বজাৰ, দোকানত গান গাই ফুৰা এজন মানুহ৷ গান ভালপোৱা, নিজৰ কথা নভবা বিষাদৰ গান গোৱা এজন মানুহ৷ হয়, বিটিএডিৰ গোৰেশ্বৰৰ খৰ্গেশ্বৰ ডেকাৰ কথা কৈছো৷ এগৰাকী সাধাৰণ মানুহ। বাটে-ঘাটে, দোকানৰ বাৰান্দা, বিয়াঘৰত গীত গাই ফুৰা মানুহ তেওঁ। গোৰেশ্বৰ ৰাজহ চক্ৰৰ চেঁচাপাৰ গাঁৱৰ খৰ্গেশ্বৰ ডেকা মানুহজন সাধাৰণ কিন্তু তেও সংস্কৃতিৰ প্ৰেমীক৷

বাটে ঘাটে তেওঁ সুন্দৰ কণ্ঠ নিগৰাই ড০ ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতসমূহ, যি গীত অসমবাসীৰ সীৰাই-সীৰাই প্ৰবাহিত হৈ আছে। যিবোৰ গীত শুনিলে বাটৰুৱাই এবাৰ হ'লেও ৰৈ কাণ পাতি শুনে। জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভাৰ সংগ্ৰামী গীতৰ লগতে ৰুদ্ৰ বৰুৱা আৰু জয়ন্ত হাজৰিকাৰ গীত গাই মানুহক পুৰণি গীতৰ সোৱাদ দি ভাল পায় তেওঁ। কেতিয়াবা চাহ দোকানৰ বাবে পানী কঢ়িয়াই নতুবা কেতিয়াবা দোকানৰ সন্মুখ পৰিস্কাৰ কৰি এক-দুপইচা উপাৰ্জন কৰা দৰিদ্ৰ হৈও গীত গাই ভাল পাই তেও।

দিনৰ দিনটো অক্লান্তভাৱে গীত গাই ফুৰা প্ৰায় পঞ্চাশৰ উৰ্দ্ধৰ খৰ্গেশ্বৰ ডেকাই প্ৰকৃততে গান গাই প্ৰায় ত্ৰিশটা বছৰ পাৰ কৰিলে। ডেকা অৱস্থাত পূৰ্বে গাঁৱৰ স্থানীয় অনুষ্ঠান সমূহত লোকগীত গোৱা স্মৃতি আজিও সজীৱ হৈ আছে খৰ্গেশ্বৰৰ। খৰ্গেশ্বৰ আজি কাৰোবাৰ বাবে এলাগী যদিও তেও গোৱা গানৰ শ্ৰোতা আছে, সমাদৰ আছে। চোকা বুদ্ধিৰ খৰ্গেশ্বৰে গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম মান শ্ৰেণীলৈ পঢ়া-শুনা কৰিছিল। ইংৰাজী বিষয়ত বেছ দখল থকা ল'ৰাজনে ইংৰাজী সলসলীয়াকৈ ক'ব পাৰিছিল।

সুন্দৰ হাতৰ আখৰে মুহিছিল সকলোকে। কিন্তু সময়ে যেন সকলো সলনি কৰিলে। প্ৰায় ত্ৰিশটা বছৰে এনেদেৰে জীৱন যাপন কৰিছে মানুহজনে। কেতিয়াবা দোকানৰ জাবৰ-জোঁথৰ পৰিস্কাৰ কৰি অৰ্থ উপাৰ্জন কৰে, কেতিয়াবা বিয়া-সবাহত উপস্থিত গান গাই৷ এতিয়া তেওঁৰ সংগী ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা বা ৰুদ্ৰ বৰুৱাৰ গীত। য'তেই মন ফৰকাল লাগে তাতে আৰম্ভ কৰে তেওঁ গীত গাবলৈ। ভূপেন হাজৰিকাৰৰ "মানুহে মানহৰ বাবে" গীতটো গাই সমাজক প্ৰশ্ন কৰিব খোজে তেওৰ বাবে কোনোৱে কিয় নাভাবে৷ কাৰোৰে যেন তেওৰ বাবে ভাবিবলৈ যেন আজিও আহৰি নাই।

পৰিয়ালত বিশেষ লোকে নথকা খৰ্গেশ্বৰক প্ৰয়োজন আছিল মাথোন অলপমান মানসিক চিকিৎসাৰ। যাৰ ফলত হয়তো সম্পূৰ্ণ সুষ্ঠ হৈ উঠিলহেঁতেন। কিন্তু সেয়াও ভাগ্যত নিমিলিল মানুহৰ গীত গোৱা মানুহৰ মাজৰ মানুহজনৰ বাবে। কোনে ভাবিব আৰু কিয় ভাবিব এই দোমোজাতে অভিশপ্ত হৈ ৰ'ল এটা জীৱন। খৰ্গেশ্বৰক কোনোবাই অকণমান সময় দিবনে?