দৰঙৰ যোগীপাৰাৰ বিশিষ্ট সমাজ সেৱক আলহাজ মুক্তাৰ হুছেইনৰ বিয়োগ

খাৰুপেটীয়ঃ দৰঙৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী যোগীপাৰা গাঁৱৰ বিশিষ্ট সমাজ সেৱক তথা ধুলাৰ "মুক্তি মেডিকেল হল"ৰ স্বত্বাধিকাৰী আলহাজ মুক্তাৰ হুছেইন (৫৮)ৰ শনিবাৰৰ শেষ নিশা ইন্তেকাল হয়| 

যোৱা কিছুদিনৰপৰা তেওঁ ডায়েবেটিজৰ লগতে অন্য ৰোগতো ভুগি আছিল| মৃত্যুৰ দুদিন পূৰ্বে তেওঁক সংকটজনক অৱস্থাত গুৱাহাটী নাৰায়ণ হস্পিতাললৈ চিকিৎসাৰ বাবে নিয়ে যদিও শনিবাৰে শেষ নিশা ২.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে|

মৃত্যুৰ সময়ত তেঁওৰ পত্নী, দুজন পুত্ৰ আৰু এগৰাকী কন্যা, নাতি, নাতিনীয়েকৰ লগতে আত্মীয়ক  ইহসংসাৰত এৰি থৈ যায়| তেওঁৰ জানাজা দিনৰ ১.৩০ বজাত সম্পন্ন কৰা হয়|

উল্লেখ্য যে সমাজৰ প্ৰতি উন্নয়নমূলক কামত জড়িত হৈ অহা লোকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে|