
খাৰুপেটীয়াঃ দৰং জিলাৰ চিকনমাটিত বিদ্যুৎস্পৃষ্ট হৈ ভিনীহি খুলশালীৰ একেলগে মৃত্যু হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দৰঙৰ চিকনমাটি গাঁৱৰ আব্দুল জলিল (৩৬) আৰু ছাফায়াত মিৰ্ধা (২৭) নামৰ যুৱক দুজনৰ নিজ ঘৰতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়৷
দুয়ো গৰাকী লোক সম্পৰ্কত ভিনীহি খুলশালী আছিল৷ ভিনীহিৰ ঘৰত খুলশালীয়ে বিদ্যুৎ সংযোগ কৰিব বিছৰাৰ সময়তে সংঘটিত এই ঘটনা৷
বিদ্যুৎ দি থকা অৱস্থাতে সংযোগ দিয়াৰ সময়ত বিদ্যুৎস্পৃষ্ট হৈ মাটিত ঢলি পৰাত দুয়োকে ততাতৈয়াকৈ খাৰুপেটীয়া চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে দুয়োজনকে মৃত্যু হোৱা বুলি ঘোষণা কৰে। ঘটনাটোত অঞ্চলটোত শোকঁৰ ছাঁ পৰিছে।