ধন ঘটাৰ বাবে নহয়, মানৱ সেৱা কৰিবলৈ চিকিৎসক হোৱাৰ মন... ৯৬ শতাংশ নম্বৰেৰে জিলিকিল দৰঙৰ দলগাঁৱৰ দীক্ষিতা

ফখৰুল ইছলাম, দৰংঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেতিয়াবাই ঘোষণা হ’ল। পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ বা-বাতৰি সংবাদ শিৰোনামা দখল কৰিলেও ৯৬.৮৩ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা দলগাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰীৰ ফলাফলে প্ৰচাৰ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা নাই।

প্ৰচাৰবিমুখ ছাত্ৰীগৰাকী দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ। নাম দীক্ষিতা বৰুৱা। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দীক্ষিতাই সমাজ বিজ্ঞানত ১০০, ঐচ্ছিক গণিতত ৯৯, সাধাৰণ গণিতত ৯৮, অসমীয়াত ৯৪, ইংৰাজীত ৯০ আৰু সাধাৰণ বিজ্ঞানত ৯৫ নম্বৰেৰে সৰ্বমুঠ ৫৭৬ (৯৬.৮৩%) নম্বৰ লাভ কৰি দলগাঁৱৰ ভিতৰতে সৰ্বোচ্চ ফলাফল লাভ কৰিছে যদিও কোনো সংবাদ মাধ্যমত প্ৰচাৰ নহ’ল কোনো বাতৰি।

অন্যহাতে, বিদ্যালয় কৰ্তৃপক্ষৰ বাদে স্থানীয় কোনো দল সংগঠন বা জনপ্ৰতিনিধিয়ে ছাত্ৰীগৰাকীক শুভেচ্ছা প্ৰদাম কৰিবলৈও নোযোৱা বুলি আমাৰ আগত আক্ষেপ কৰে।

দীপক বৰুৱা আৰু নীৰদা বৰুৱাৰ তৃতীয়া কন্যা দীক্ষিতাই দৈনিক ৮-১০ ঘন্টাকৈ অধ্যয়ণ কৰিছিল। অধ্যক্ষ বাছিৰুদ্দিন আহমেদ অনুপ্ৰাণিত কৰিছিল দীক্ষিতাক। জানুৱাৰী মাহৰপৰাই মানসিকভাৱে প্ৰস্তুত হৈছিল তেওঁ। শিক্ষকৰ কথা মতেই দৃঢ়মনা শিক্ষাৰ্থী গৰাকীয়ে চমকপ্ৰদ ফলাফলেৰে বিদ্যালযখনলৈ কঢ়িয়াইছে গৌৰৱ।

সাংবাদিকৰে সৈতে মত বিনিময়ত তেওঁ কয়, মই গুৱাহাটী শ্ৰীমন্ত শংকৰ একাডেমীত বিজ্ঞান শাখাত পঢ়ি এগৰাকী সু চিকিৎসক হ’ম। আমাৰ অঞ্চলটো অতি পিছ পৰা। আজিকালি চিকিৎসকসকলে ধন ঘটিবলৈ বহু তললৈ নামিছে। ধন ঘটিবলৈ নহয়, দৰিদ্ৰ লোকক সেৱা কৰাই হ’ব মোৰ প্ৰধান লক্ষ্য।

চিকিৎসকসকলক মানুহে যথেষ্ট বিশ্বাস আৰু ভৰষা কৰে। ৰোগীৰ দুৰ্বলতাক একাংশ অসাধু চিকিৎসকে ব্যৱসায়ৰ নিকৃষ্ট মাধ্যম হিচাপে ব্যৱহাৰ কৰি চিকিৎসা বৃত্তিটোক কলুষিত কৰিছে বুলি মন্তব্য কৰে মেধাৱী ছাত্ৰীগৰাকী।