একেটা কোঠাতে পাঁচটা শ্ৰেণী! কি পঢ়াইছে, কি পঢ়িছে ঈশ্বৰেহে জানে!

ফখৰুল ইছলাম, খাৰুপেটীয়াঃ যি সময়ত চৰকাৰে গুণোৎসৱ অনুষ্ঠিত কৰি শিক্ষাৰ মান নিৰূপণৰ বাবে লাখ লাখ টকা খৰচ কৰিছে, তেনে সময়ত বহু চৰকাৰী বিদ্যালয়ত নাই কোনো আন্তঃগাঁথনি৷ বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ডেস্ক-বেঞ্চ আৰু বিদ্যালয়-গৃহৰ অভাৱত মুক্ত আকাশৰ তলত মাটিতে বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। 

এনে এখন স্কুল হ’ল দৰঙৰ দলগাঁৱৰ শিয়ালমাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত কঁকালভাঙি প্ৰাথমিক বিদ্যালয়৷ ডেস্ক-বেঞ্চৰ অভাৱত মজিয়াত পাঁচটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে একেলগে বহি পাঠ গ্ৰহণ কৰিছে৷ কোনে কি পঢ়িছে, কোনে কি শিকিছে শিক্ষকেও ধৰিব নোৱাৰে৷ নোৱাৰাৰে কথা! বিদ্যালয়খনত আন কোনো কোঠালি নথকাত উপায়হীন হৈ শিক্ষকে এনেদৰেই চলাবলগীয়া হৈছে পাঠদান কাৰ্য৷ উৰ্ধ্বতন কৰ্তৃপক্ষক বহুবাৰ আবেদন কৰিও আজিলৈকে নাপালে অতিৰিক্ত এটা শ্ৰেণীকোঠা৷ আনপিনে দলগাঁৱৰ পশ্চিম ছকৰাবস্তি প্ৰাথমিক বিদ্যালয়তো একেধৰণৰ পয়ালগা দৃশ্য। আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ দিনা ডেস্ক-বেঞ্চৰ অভাৱত মজিয়াতে বহি পৰ্য্যবেক্ষকে কৰিবলগীয়া হৈছে মূল্যায়ন৷

গুনোৎসৱক লক্ষ্য কৰি বিদ্যালয়সমূহে বিভিন্ন ধৰণৰ বাহ্যিক সৌন্দৰ্যৰ প্ৰস্তুতি চলাইছে যদিও চৰকাৰৰপৰা কোনো ধৰণৰ আৰ্থিক সা-সুবিধা পোৱা নাই। ২০১৩ চনতে চৰকাৰীকৰণ হোৱা এই বিদ্যালয় দুখনৰ দুৰৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাগ্ৰহণত অসুবিধাৰ সৃষ্টি হৈছে। ৮১ গৰাকী ছাত্ৰ-ছাত্ৰী থকা পশ্চিম চকৰাবস্তি বিদ্যালয়খনতো এটা কোঠাতে চলে ৫ টা শ্ৰেণী৷ ছাত্ৰ-ছাত্ৰীয়ে ডেস্ক-বেঞ্চৰ অভাৱত মজিয়াত বস্তা পাৰি বহি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। বিদ্যালয় কৰ্তৃপক্ষই বহুবাৰ উৰ্ধ্বতন কৰ্তৃপক্ষক জনোৱাৰ পাছতো কাণসাৰ নিদিলে চৰকাৰ তথা শিক্ষা বিভাগে। দৰঙৰ এই দুখন  বিদ্যালয়ৰ শোচনীয় অৱস্থাই দাঙি ধৰিছে যে গুজৰাট মডেলৰ অনুকৰণত অসম চৰকাৰে আয়োজন কৰি অহা গুণোৎসৱেও উন্নত কৰিব পৰা নাই ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ মান৷