বাঘৰ ভয়ত ঘৰৰ ভিতৰত বন্দী জনতা

খাৰুপেটীয়াঃ দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বৰগড়া চাহ বাগিচা আৰু বড়ো বজাৰ অঞ্চলত ঢেঁকীয়াপতীয়া বাঘ এটাই আতংকৰ সৃষ্টি কৰিছে। যোৱা এমাহ ধৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা বাঘটোৱে অঞ্চলটোত আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ লগতে প্ৰায়ে পশুধন নিধন কৰি আছে। 

নিশা হ’লেই গৃহস্থৰ ঘৰৰপৰা টানি উলিয়াই নিয়ে গৰু, ছাগলী, গাহৰি আদি ঘৰচীয়া জন্তুবোৰ। যোৱা নিশাও বাঘটোৱে বৰগড়া চাহ বাগিচাত আছা মুণ্ডা নামৰ শ্ৰমিকজনৰ গাই গৰু এটা মাৰে। বাঘটোৰ ভয়ত বাগিচাত কাম কৰিবলৈ যাব নোৱাৰা হৈছে শ্ৰমিকসকলে। সন্ধিয়া হোৱাৰ লগে লগে ঘৰত ভিতৰত সোমাই পৰে অঞ্চলৰ গঞা। 

এই সন্দৰ্ভত ওৰাং বন সংমণ্ডলৰ বিষয়া চক্ৰপাণি ৰয়ে জনোৱা মতে এমাহ আগতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰপৰা ওলাই অহা এই ঢেঁকীয়াপতীয়া বাঘটো বন বিভাগে পিঞ্জৰাবদ্ধ কৰিবলৈ বহুবাৰ চেষ্টা কৰিছে যদিও সক্ষম হোৱা নাই। উল্লেখ্য যে, বন বিভাগে বাঘটো বিচৰণ পৰ্যবেক্ষণ কৰিবলৈ বৰগড়া চাহ বাগিচাত চি চি টি ভিৰ ব্যৱস্থা কৰাৰ পাছতে বাঘটোৰ বিচৰণ ধৰা পৰে। এতিয়ালৈকে ঢেঁকীয়াপতীয়া বাঘটোৱে দুকুৰিৰো অধিক পশুধন নিধন কৰাৰ পাছতো বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম নোহোৱাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।