
খেৰণিঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ চচেং খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বুধবাৰে বিজ্ঞানভিত্তিক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ছাত্ৰ-ছাত্ৰীক তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে চচেং খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰই আৰ্হি প্ৰকল্প, চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰে৷ মুঠ দহখনকৈ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্র-ছাত্ৰীয়ে অংশ গ্রহণ কৰে প্ৰতিযোগিতাত।
আনহাতে চচেং খণ্ডৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত খেৰণিস্থিত খেৰণি থং-নকৱে হিন্দী হাই স্কুলত অনুষ্ঠিত কৰা বিজ্ঞানভিত্তিক আৰ্হি প্ৰকল্প প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে সৌৰ-বিদ্যুৎ উৎপাদন আৰু ইয়াৰ প্ৰভাৱ, সৌৰশক্তি চালিত জাহাজ, ফেন আদিৰ উপস্থাপন কৰাৰ লগতে প্ৰদূষণ, বনধ্বংস আৰু ইয়াৰ আনুষংগিক প্ৰভাৱ, স্বচ্ছ ভাৰত, সৌৰজগত আদিক মূল বিষয়বস্তু হিচাপে লৈ চিত্ৰ অংকন কৰে।
বহু প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীয়ে আকৌ আকস্মিক বক্তৃতাত অংশ গ্ৰহণ কৰি নিজৰ প্রতিভাৰ পৰিচয় দিয়ে। প্ৰতিযোগিতা অনুষ্ঠিত হৈ যোৱাৰ অন্তত বঁটা বিতৰণী তথা এখন মুকলি সভা অনুষ্ঠিত হয়। পশ্চিম কাৰ্বি আংলং ৰংখাং খণ্ডৰ সমন্বয়ক বৈশিষ্ঠ প্ৰসাদে দ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা ছাত্র-ছাত্ৰীসকলক পুৰস্কাৰসহ মানপত্র প্ৰদান কৰে।
কেইবাগৰাকীকৈ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে মুকলি সভাত উপস্থিত থকা খেৰণি থং-নকৱে হিন্দী হাই স্কুলৰ প্ৰধান শিক্ষক বিশম্বৰ নাথ গুপ্তাই বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ লগত সংগতি ৰাখি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাই প্রতিটো ক্ষেত্ৰতে মানুহৰ জীৱনত কেনেধৰণে পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় আহিছে বুলি কয়৷ প্ৰতিযোগিতাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে জিলা পৰ্যায়ৰ বিজ্ঞানভিত্তিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হ’ব৷