
newsnextone.com। খেৰণিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে গান্ধী জয়ন্তী উদযাপন কৰা হয়। গান্ধী জয়ন্তী উপলক্ষে পশ্চিম কাৰ্বি আংলঙৰ খেৰণি, মাইলু, জেংখা, জেৰিকীন্দেঙত স্বচ্ছ ভাৰত অভিযান ৰূপায়ন কৰা হয়। গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি অঞ্চলবোৰত স্থানীয় ৰাইজ, শিখ সেনা বাহিনী, স্থানীয় ৰাইজ আৰু পৰিষদীয় জনপ্ৰতিনিধি ৰিণা তেৰাংপীয়ে সমূহীয়াভাৱে এই কাৰ্য্যসূচী অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে এক মহান উদ্দেশ্যেৰে হাতে হাতে ঝাড়ু আদি লৈ উলাই অহা পুৰুষ-মহিলাই বৃহত্তৰ খেৰণিৰ লগতে বিশেষকৈ খেৰণি আদৰ্শ চিকিৎসালয়ৰ চৌহদ পৰিষ্কাৰ কৰাৰ বিপৰীতে খেৰণিঘাট বজাৰ এলেকা, মাইলু বজাৰ, জেংখা বজাৰৰ লগতে জেৰিকীন্দেঙৰ ৰাজহুৱা স্থানসমূহত উল্লেখিত চাফাই অভিযান ৰূপায়ন কৰে।
সমান্তৰালকৈ গান্ধী জয়ন্তীৰ এই দিনটোতে জেৰিকীন্দেঙত চচেং খণ্ড উন্নয়নৰ অধীনত এখন গ্ৰাম্য সভাও অনুষ্ঠিত হয়। অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ পৰিষদীয় সদস্য ৰিণা তেৰাংপিৰ উপস্থিত থকাৰ বিপৰীতে পৰিষদীয় ৯ নম্বৰ আমৰেং সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ লুকাছ মিলিক, চচেং খণ্ড উন্নয়ন বিষয়া কনক কলিতা, খেৰণি বন বিভাগৰ বন বিষয়া চন্দ্ৰ ছিং তিচ্ছ, খণ্ড উন্নয়নৰ কনিষ্ঠ অভিযন্তাসকল, গ্ৰাম-সেৱক সকলৰ লগতে দুই শতাধিক স্থানীয়-পুৰুষ মহিলা উপস্থিত থাকে।
সভাৰ যোগেদি পৰিষদীয় সদস্য ৰিণা তেৰাংপিয়ে সমগ্ৰ দেশৰ ভিতৰত সৰ্বপ্ৰথমে অসমত মঙলবাৰৰ পৰা শুভাৰম্ভ হোৱা শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ সম্পৰ্কে সবিস্তাৰে উপস্থিত ৰাইজক অৱগত কৰে। লগতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে গুৱাহাটীত শুভ উদ্বোধন কৰা শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ যোগেদি চচেং খণ্ড উন্নয়নৰ অধীনত পেঞ্চন লাভৰ বাবে বাচনি কৰা মুঠ ৪৮ গৰাকী হিতাধিকাৰীৰ নাম উল্লেখ কৰে।
আনহাতে হিতাধিকাৰীয়ে অৰ্থাৎ ৬০ উৰ্ধৰ বৃদ্ধ বৃদ্ধাই প্ৰতিমাহে ২৫০ টকাকৈ লাভ কৰিব বুলি জানিবলৈ দিয়ে। লগতে পৰৱৰ্ত্তী সময়ত পৰ্যায়ক্ৰমে লাভ কৰিবলগা পেঞ্চনৰ আবেদনকাৰীৰ মাজত আবেদন পত্ৰসমূহও বিতৰণ কৰে। গুৰুত্বপূৰ্ণ যে ষাঠি বছৰ বয়স অতিক্ৰম কৰা হিতাধিকাৰীসকলে কি কি নীতি নিয়মেৰে পেঞ্চনৰ বাবে আবেদন কৰিব লাগিব সেই সম্পৰ্কেও জানিবলৈ দিয়ে জনপ্ৰতিনিধিগৰাকীয়ে।
ইয়াৰ উপৰিও বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি যেনে আয়ুষ্মান ভাৰত, অটল অমৃত অভিযান, কৃষি সম্পৰ্কীয় অভিযান আদিৰ বিশদ বৰ্ণনা দি আচঁনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ সভাত উপস্থিত থকা ৰাইজক আহ্বান জনায়।