
খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণি সাংবাদিক সংস্থাৰ সভাপতি তথা অসমীয়া প্ৰতিদিন আৰু প্ৰাগ নিউজৰ খেৰণিৰ স্থানীয় সাংবাদিক বীৰেন ইংহিৰ মাতৃ কাঁচাই তিমুংপি (৮৫) আৰু নাই।
বিয়োগৰ খবৰত মৰ্মাহত খেৰণি সাংবাদিক সংস্থা। প্ৰতিগৰাকী স্থানীয় সাংবাদিককে নিজৰ পুত্ৰ দৃষ্টিৰে মৰম স্নেহ, আদৰ আদি কৰি অহা সকলোৰে শ্ৰদ্ধাৰ মাতৃ গৰাকী আজি কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে খেৰণি চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল।
কিন্তু পৰৱৰ্তী সময়ত শাৰীৰিক অৱনতি ঘটাত ডিফু চৰকাৰী চিকিৎসালয়ত যোৱা ২৮ ডিচেম্বৰৰপৰা চিকিৎসা প্ৰদান কৰি থকা হৈছিল। অৱশ্যে চিকিৎসাধীন অৱস্থাত শাৰীৰিক উন্নতি লাভ কৰিছিল যদিও যোৱা নিশা পুনৰ শাৰীৰিক অৱনতি ঘটি জটিলতাৰ সন্মুখীন হয় আৰু নিশা প্ৰায় ২-৩০ বজাত সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰে মাতৃ কাঁচাই তিমুংপিয়ে।
শোভাকাংক্ষী, পৰিয়ালৰ অন্যান্য সদস্য, সাংবাদিক মহল আৰু স্থানীয় ৰাইজে মাতৃগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদিবলৈ সাংবাদীকগৰাকীৰ বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হৈছে। আনহাতে খেৰণি সাংবাদিক সংস্থাই প্ৰয়াত মাতৃগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ দুখৰ সমভাগি হৈ সমবেদনা জ্ঞাপন কৰিছে খেৰণি সাংবাদিক সংস্থাই।
মৃত্যুৰ সময়ত মাতৃগৰাকীয়ে একমাত্ৰ পুত্ৰ বীৰেন ইংহিৰ লগতে তিনিগৰাকীকৈ জীয়ৰী এৰি থৈ যায়।