খিলঞ্জীয়া সকলক কৰ্ম সংস্কৃতিবান হ'বলৈ আহ্বান, চাবুৱা মহাবিদ্যালয়ত খিলঞ্জীয়া দিৱস পালন

newsnextone.com | চাবুৱাঃ চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান আৰু বুৰঞ্জী বিভাগৰ উদ্যোগত বিশ্ব খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ত  বৃহস্পতিবাৰে এখনি আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয়। আলোচনাচক্ৰত সভাপতিত্ব কৰে ৰাজনীতি বিজ্ঞানৰ মুৰব্বী অধ্যাপক চন্দ্ৰ সেনাপতিয়ে।   

মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক ৰনেন্দ্ৰ খাউণ্ডে আঁত ধৰা অনুষ্ঠানটোত সভাত উদ্দেশ্যে ব্যাখ্যা কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক লক্ষীনন্দন বৰগোহাঁঞিয়ে । আলোচনা চক্ৰখন উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন বৰ্মনে। 

বিশ্ব খিলঞ্জীয়া দিৱসৰ সংগতি ৰাখি নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডি এচ এইচ কে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই।  সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে, খিলঞ্জীয়া সকলৰ অস্তিত্ব থাকিব হ'লে খিলঞ্জীয়াসকলৰ ভূমি, নিজৰ ভাষা জীয়াই থাকিব লাগিব । লগতে বৰ্তমানে খিলঞ্জীয়াসকলৰ ওপৰত যি বহিৰাগত ভাষাই গঢ় লৈ উঠিব ধৰিছে তাক পৰিহাৰ কৰিবলৈ তেওঁ অনুৰোধ জনায়। 

শইকীয়াই খিলঞ্জীয়া সকলক কৰ্ম সংস্কৃতিবান হ'বলৈ আহ্বান জনায়। কিয়নো খিলঞ্জীয়া সকলে কৰ্মত এলেহুৱা হোৱা কাৰণে অসমত বাংলাদেশীৰ দৰে অনুপ্ৰৱেশকাৰী সকলে কৰ্ম কৰিবলৈ সুবিধা পাইছে। তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলত খিলঞ্জীয়া সকলৰ অস্তিত্ব ৰক্ষাৰ বাবে সকলো কৰ্মসংস্কৃতিবান হ'লেহে খিলঞ্জীয়া সকলৰ প্ৰভূত্ব থাকিব নহ'লে অসমত হয়তো বিদেশীও মুখ্যমন্ত্ৰী হোৱা সম্ভাৱনা আছে বুলিও বিশিষ্ম অধ্যক্ষ গৰাকীয়ে ব্যক্ত কৰে। 

ইয়াৰ পিছতে বক্তব্য ৰাখে মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ অধ্যাপিকা ড০ ননীৰোপা চেতিয়া আৰু প্ৰাক্তন অধ্যক্ষ চন্দ্ৰ ভূঞাই। আলোচনা চক্ৰখনত উপস্থিত থাকে চাবুৱা মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি মাখন চন্দ্ৰ দত্ত, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ভাৰপ্ৰাপ্ত সম্পাদক দেৱঋষি চেতিয়া, সভাপতি দেৱজিত ৰাজখোৱাৰ লগতে চাবুৱা অঞ্চলৰ কেইবাজনো বিশিষ্ট ব্যক্তি।