শিৱসাগৰত মুকলি কিক বস্কিং প্ৰতিযোগিতা

শিৱসাগৰঃ শনিবাৰৰ পৰা এতিহ্যমণ্ডিত শিৱসাগৰত অনুষ্ঠিত হৈছে ১৬সংখ্যক সদৌ অসম মুকলি কুংফু আৰু কিক বক্সিং প্ৰতিযোগিতা৷ শনিবাৰে পতাকা উত্তোলন কৰে অধ্যাপক তথা বিশিষ্ট নিৱন্ধকাৰ ড০ সব্যসাচী মহন্তই। শিৱসাগৰ কাৰেং ক্লাৱৰ উদ্যোগত ৰংঘৰ চাৰিআলিস্থিত ড০ ভূপেন হাজৰিকা বিবাহ ভৱন-কালচাৰেল হলত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা উপলক্ষে শোভাযাত্ৰা উলিওৱা হয়৷

সেনা বিষয়া চিঅটি দাসে৷ প্ৰতিযোগিতা উদ্বোধন কৰে ভাৰতীয় কুংফু এণ্ড কিক বক্সিংৰ প্ৰতিষ্ঠাপক তথা বিশ্ব চাউলিং কুংফুৰ সদস্য নৰেন্দ্ৰ সিঙে। সিঙে উদ্ধোধনী ভাষণত ক্ৰীড়াৰ জৰিয়তে নৱপ্ৰজন্মৰ মাজত ক্ৰীড়াসুলভ মনোভাৱ গঢ় লৈ উঠিব পাৰে বুলি কয়।

প্ৰতিযোগিতাত নগাঁও, গোলাঘাট, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়ৰ লগতে ২ শতাধিক প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰে। চালেহউদ্দিন আহমেদে আঁতধৰা অনুষ্ঠানটোত কুংফু এণ্ড কিকি বক্সিং সমিতিৰ ৰাজ্যিক সভাপতি অসীম গগৈ, ৰাজেশ সিং, ৰঞ্জিত বেজবৰুৱা আদি লোক উপস্থিত থাকে৷