অৰুণোদয় অসমৰ নিৰ্দেশত তপা অসমে অপহৰণ কৰিছে অৰ্ণৱক

তিনিচুকীয়া/মাৰ্ঘেৰিটা/লিডুঃ আলফাৰ এটা দল দিল্লীত শান্তি আলোচনাত ব্যস্ত হৈ থকাৰ সময়তে অসমত আলফা স্বাধীনে সংঘটিত কৰিছে হত্যাকাণ্ড, অপহৰণ কাণ্ড৷ উজনি অসমত আজিও যেন সক্ৰিয় আলফা স্বাধীন৷ উজনিত অস্ত্ৰ, শস্ত্ৰ সৈতে বহু কেডাৰ আজিও সক্ৰিয় হৈ আছে আলফাত৷ সেনা-আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে গিজ গিজাই থকা উজনি অসমত এটাৰ পিছত এটা কাণ্ড সংঘটিত কৰি গৈছে আলফাই৷

তিনিচুকীয়া জিলাৰ বৰডুমছা থানাৰ অন্তৰ্গত সোনজান শিমলুগুৰি গাঁৱত যোৱা ১১ ডিচেম্বৰ নিশা প্ৰায় ৬.৪৫ বজাত আলফাৰ এটি ৩ জনীয়া দলে সামৰিক পোছাকত আহি পিতা পুত্ৰ অন্তেশ্বৰ মহন্ত আৰু কৰুণ মহন্তক গুলীয়াই হত্যা কৰাৰ ঘটনাৰ উত্তজনা অব্যাহত থকাৰ সময়তে এইবাৰ সন্দেহ জনক আলফা স্বাধীনে অপহৰণ কৰে এগৰাকী ব্যৱসায়ীক৷

এইবাৰ আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ উদয় লালন ওৰফে তপা অসমৰ নেতৃত্বত এটি দলে ব্যাপক ধন দাবী, হত্যাকাণ্ড, অপহৰণ কাণ্ড সংঘটিত কৰিবলৈ নামি পৰিছে উজনিত৷ তিনিচুকীয়া জিলাৰ জাগুণৰ অৰ্ণৱৰ অপহৰণ কাণ্ডৰ সৈতে আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ উদয় লালন ওৰফে তপা অসম জড়িত বুলি জানিব পৰা গৈছে৷ অসম আৰক্ষীৰ বাবে মষ্ট ৱান্টেড তপা অসমে আলফাৰ প্ৰচাৰ সচিব অৰুণোদয় অসমৰ নিৰ্দেশত অপহৰণ কৰাৰ আৰক্ষীৰ সন্দেহ কৰিছে৷

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৯ মাইলৰ ব্যৱসায়ি তথা বি জে পি দলৰ সক্ৰিয় কৰ্মী দিলীপ ফুকনৰ পুত্ৰ অৰ্ণৱ ফুকনক (২৪) শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ জয়ৰামপুৰ থানাৰ অন্তৰ্গত পুৰণি খান্দুৰ পৰা সন্দেহ যুক্ত আলফা (স্বা) এটা দলে অপহৰণ কৰে। শিলৰ ব্যৱসায়ী দিলীপ ফুকনে নিজৰ শিলৰ মিলত ব্যৱহাৰৰ বাবে অৰুণাচলৰ পুৰনি খান্দুৰ পৰা দীৰ্ঘ দিন ধৰি শিল ক্ৰয় কৰি ব্যৱসায় চলাই আহিছে।

সেই সুত্ৰে ব্যৱসায় চোৱাচিতা কৰাৰ উদ্দেশ্যে অৰ্ণৱে অৰুণাচললৈ গৈ থকা অৱস্থাত ৰা পথৰ পৰাই আলফাই (স্বা) অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে৷ প্ৰায় ৫ জনীয়া এটি অস্ত্ৰধাৰী দলে জাগুন জয়ৰামপুৰ পথৰ পৰা অৰ্ণৱক অপহৰন কৰি এখন জীপত তুলি অৰুণাচল দিশে ধাৱমান হয়। পুৰ্বেওঁ আলফাই (স্বা) অৰুণাচলৰ পৰা ডুমডুমাৰ ব্যৱসায়ী কুলদীপ মৰানক অপহৰণ বৃহৎ ধনৰ বিনিময়ত মোকলাই দিয়ে। বৰ্তমান আৰক্ষীয়ে অৰ্ণৱক বিছাৰি অৰুণাচল আৰক্ষীৰ সহযোগত অভিযান অব্যাহত ৰাখিছে।