নগাঁৱত অপহৰণ কাণ্ড, নাৰী দেহ চক্ৰ সক্ৰিয়

নগাঁওঃ দিনে দিনে অপৰাধৰ ঘাটিলৈ ৰূপান্তৰিত হৈছে নগাঁও জিলা৷ হত্যা, ধৰ্ষণ, লুণ্ঠন আদি ঘটনাৰ পাছত এই নগাঁৱত সক্ৰিয় হৈ পৰিছে অপহৰণকাৰী আৰু নাৰী দেহ ব্যৱসায়৷ নগাঁও জিলাৰ জুৰীয়া দগাঁৱৰ এগৰাকী কিশেৰী কিছুদিন পূৰ্বে নিৰুদ্দেশ হোৱাৰ পাছত আজি ঘটনাৰ লগত জড়িত এটি নাৰীদেহ চক্ৰ উৎখাট কৰি দগাঁও আৰক্ষীয়ে দুগৰাকী মহিলাক আটক কৰে৷ 

নগাঁও চহৰৰ ধিং গেটৰ পৰা আটক হোৱা ধৃত চালমা খাতুন আৰু মনোৱাৰা বেগম নামৰ মহিলা দুগৰাকীয়ে কিশোৰীগৰাকীক ৪০ হাজাৰ টকাত দিল্লীত বিক্ৰি কৰা বুলি জানিব পৰা গৈছে৷ কিশোৰী গৰাকীক উদ্ধাৰৰ বাবে দগাঁও আৰক্ষীয়ে দিল্লীলৈ যোৱাৰ প্ৰস্তুতি চলাইছে৷ 

ইফাল, ৰূপহীহাটৰ ছাইদৰীয়াত সংঘটিত হৈছে আন এক অপহৰণৰ ঘটনা৷ যোৱা মঙলবাৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত এগৰাকী ছাত্ৰীক অপহৰণ কৰি নিয়ে মটৰ চাইকেলত অহা চাৰি যুৱকে৷ ইতিমধ্যে দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ পৰিয়ালে একে গাঁৱৰে ফকৰ উদ্দিন, আব্দুল কালাম, আব্দুল মতিন আৰু ফৰিজ উদ্দিন নামৰ যুবককেইজনে ১২ বছৰীয়া ছাত্ৰী গৰাকীক অপহৰণ কৰা বুলি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে৷ 

ছাত্ৰী গৰাকীৰ অপহৰণৰ ৫ দিন পাছতো কোনো সন্ধান পোৱা হোৱা নাই৷ আনফালে নিৰুদিষ্ট ছাত্ৰী গৰাকীৰ কোনো সন্ধান উলিয়াব নোৱাৰাত আৰু ঘটনাৰ সতে জড়িত এজনকো আৰক্ষীয়ে আটক নকৰাত আৰক্ষীয়ে তদন্তত গাফিলতি কৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজ আৰু পৰিয়ালে৷