
ঢেকীয়াজুলিঃ একাংশ মানুহে মানৱতা সচাকৈ হেৰাই পেলাইছে নেকি৷ নিজ গৰ্ভত থিতাপি লোৱা সন্তানক কেনেকৈ দলিয়াব পাৰে মানুহে৷ সন্তানহীনা দম্পত্তীয়ে এটি সন্তান কামনা কৰি ডাক্তৰ কবিৰাজৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰিব লগা হয়৷
তাৰ মাজতে একাংশ লোকে নিশাৰ এন্ধাৰত নিজৰ কৰ্ম ঢাকিবলৈ শিয়াল-কুকুৰৰ মুখত দলিয়ায় থৈ যায় পানী কেচুৱা৷ তেনে দেৱশিশু এটিৰ মৃতদেহ আজি নিঠৰ হৈ পৰি ৰয় কছুৰ মাজত৷ উৎসুক জনতাই জুমি জুমি চাইছে ৷ সভ্য সমাজৰ হৃদয় বিদাৰক দৃশ্য এয়া৷
পোক পৰুৱাই আগুৰি ধৰা পানী কেচুৱাৰ মৃতদেহটো ঢেকেয়াজুলি চহৰৰ ১নং বাৰ্ডৰ খৃষ্টান ধৰ্মাৱল্বীলোকসকলৰ কৱৰস্থানৰ প্ৰৱেশদ্বাৰ কোনো হৃদয়হীন লোকে পেলাই থৈ যায়৷ অবৈধ সম্পৰ্কৰ পৰিণতিত মাতৃত্বৰ বোজা লৈ প্ৰসৱ কৰা এই নিস্পাপ কেচুৱাটোক এনেদৰে শিয়াল-কুকুৰৰ বাবে এৰি থৈ যায়৷
১০ আগষ্টৰ নিশাৰ ভাগতেই শিশুটিক এনেদৰে এৰি থৈ যোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে৷ পূৰ্বতেও এই অঞ্চলত কাষৰীয়া এখন নৈৰ পাৰত সদ্যজাত কেচুৱাৰ মৃতদেহ উদ্ধাৰ হৈছিল৷