৯ বছৰীয়া শিশুৰ সলিল সমাধি

নগাঁওঃ বিজয়া দশমীৰ আনন্দ-উলাহৰ মাজতে নগাঁৱৰ জুৰিয়াত শিশুৰ সলিল সমাধি ঘটাত শোকৰ ছাঁ পৰে৷ জুৰিয়াত সংঘটিত হয় এই শোকাৱহ ঘটনা৷

জুৰিয়াৰ আধাখুন্দা গাঁৱৰ চৰাফত আলীৰ ৯ বছৰীয়া পুত্ৰ আবু হাচানৰ সলিল সমাধি ঘটে৷ সমনীয়াৰ সৈতে ঘৰৰ সমীপতে খেলি থাকোতে পুখুৰীত পৰি মৃত্যু হয় শিশুটিৰ৷ এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলায়৷