অনাহাৰে মাতৃৰ বাবে চকুলো টুকি অৱশেষত বিদায় ললে কণমানিয়ে

কাজিৰঙাঃ যোৱা এমাহে মাতৃৰ বাবে হাহাকাৰ কৰি চকুলো টুকি অনাহাৰে থকা হাতী পোৱালীটোৰ মৃত্যু হ’ল৷ হাতীৰ জাকৰ পৰা ফালৰি কাটি আহি মাতৃৰ পৰা বিছিন্ন হোৱা হাতী পোৱালীটোক সুস্থ কৰিবলৈ বন বিভাগে যঠেষ্ট কষ্ট কৰিছিল যদিও অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে কাজিৰঙাৰ এমহীয়া হাতী পোৱালীটোৱে৷ শনিবাৰে হাতী পোৱালীটোৰ মৃত্যু হোৱাৰ পিছতেই বন বিভাগৰ লোকে আবেগিক হৈ পৰিছিল৷ প্ৰায় ৩২টা দিন অতি যতনেৰে চোৱা চিতা কৰা হাতী পোৱালীটোৰ মৃত্যুত মনত আঘাত পায়৷ জীয়াই থকাৰ বাবে যুদ্ধ কৰি অৱশেষত হাৰ মানিলে তেও৷

মাতৃক ওচৰত নাপায় শোকৰ সাগৰত ডুবি থকা এটা বনৰীয়া হাতী পোৱালীৰ আৰ্তনাদে কন্দুৱাইছিল বন বিভাগক৷ এমাহৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অটব্য অৰণ্যৰ মাজত মাতৃৰ পৰা বিছিন্ন হৈ পৰিছিল এই কনমানি বনৰীয়া হাতী পোৱালীটো৷ নিজ মাতৃৰ পৰা বিছিন্ন হোৱাৰ পাছতেই অৰণ্যৰ মাজত হাহাকাৰ কৰি ফুৰা হাতী পোৱালীটো বাগৰি বনাঞ্চলিক কাৰ্যালয়ৰ সমীপত বন বিভাগে আৰু কেইজনমান পৰ্টকে উদ্ধাৰ কৰিছিল৷ বিগত এমাহে মাতৃৰ দুগ্ধৰ পৰা বিছিন্ন হোৱা হাতী পোৱালীটো ক্ৰমাৎ দুৰ্বল হৈ আহিছে৷

অৱশেষত শুকুৰবাৰে পুৱাই দুৰ্বল হাতী পোৱালীটো ঢলি পৰে মাটিত৷ লগে-লগে পশু চিকিৎসকৰ এটা দল বাগৰি বনাঞ্চলিক কাৰ্যালয়ত উপস্থিত হৈ হাতী পোৱালীটোক চিকিৎসা প্ৰদান কৰে যদিও সুস্থ কৰি তুলিবলৈ সক্ষম ন’হল৷ ইয়াৰ পিছতে এখন বিশেষ বাহনত উঠাই হাতী পোৱালীটোক লৈ অনা হয় কহঁৰা বনাঞ্চললৈ৷ এইবাৰ পুনৰ দুৰ্বল হাতী পোৱালীটোক সুস্থ কৰি তুলিবলৈ পশু চিকিৎসক, বনকৰ্মী আৰু মাওত সকল নামি পৰে৷ পশু চিকিৎসকে কেইবাটাও শক্তিবৰ্ধক বেজি আৰু ঔষধ প্ৰযোগ কৰে যদিও হাতীটোক থিয় কৰাবলৈ সক্ষম ন’হল৷

উল্লেখ্য যে, মাতৃৰ পৰা বিছিন্ন হোৱাৰ পাছতে ঠেং আৰু দেহৰ বহু ঠাইত আঘাট পাইছিল কনমানি বনৰীয়া হাতী পোৱালীটোৱে৷ যাৰ বাবে হাতী পোৱালীটোৰ অৱস্থা অতি সংকটজনক হৈ পৰিছিল৷ পশু চিকিৎসক আৰু বনকৰ্মীৰ দলে উঠোৱাৰ বাবে অৱশেষত এডাল বাহঁ আৰু ৰছীৰ সহায় লব লগীয়া হয়৷ বাঁহ আৰু ৰছীৰ সহায়ত অৱশেষত বাহনৰ পৰা হাতীটোক উলিয়াই আনিবলৈ সক্ষম হয় যদিও ঠিয় কৰাবলৈ সক্ষম ন’হল পশু চিকিৎসক আৰু বনকৰ্মীৰ দলটোৱে৷ পুনৰ মাটিত ঢলি পৰিছিল পোৱালীটো৷ অৱশেষত শনিবাৰে মৃত্যু হয় পোৱালীটোৰ৷