মৰিয়নীত ৰেলৰ খুন্দাত আহত হাতী পোৱালী

ফাইল ফটো
ফাইল ফটো

মৰিয়নীঃ ৰাজ্যত ভিন্ন ঠাইত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সময়তে যোৰহাট জিলাৰ মৰিয়নীত ৰেল লাইনত এটি আঘাতপ্ৰাপ্ত হাতী পোৱালী উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মঙলবাৰে পুৱাই ৰেল লাইনত পৰি থকা অৱস্থাত একাংশ লোকে প্ৰত্যক্ষ কৰে হাতী পোৱালীটোক৷

লগে লগে বন বিভাগক খবৰ দিছিল যদিও বন বিভাগৰ লোক বহু সময়লৈ উপস্থিত নোহোৱাত ৰাইজ ক্ষোভিত হৈ পৰে৷ মৰিয়নীৰ নকছাৰী নামৰ ঠাইৰ পুৱাই উদ্ধাৰ হোৱা হাতী পোৱালিটো জাকৰ সৈতে অহা বুলি সন্দেহ কৰে ৰাইজে৷ নিশা ৰে’ল গাড়ীয়ে খুন্দিয়াই আহত কৰাৰ সন্দেহ কৰে ৰাইজে৷