
বিহালীঃ পিতৃ-মাতৃৰ বুকুৰ মাজত শুই আছিল দুই বছৰীয়া শিশুটোৱে৷ মাতৃয়ে পুৱাই বিছনা এৰাৰ পিছত কিছু সময় পিতৃৰ সৈতে ধেমালি কৰি পাৰ কৰে সময়৷ পিতৃৰ সৈতে বিছনা এৰি ঘৰৰ পিছফালে খেলিবলৈ ধৰে৷ কিছু সময় পিছত পৰিয়ালৰ লোকে শিশুটোক বিছাৰি যাই দিও দেখা নাপায়৷
বিচাৰ-খোচাৰ কৰাত ঘৰৰ সমীপৰ এটি পুখুৰীত শিশুটোৰ মৃতদেহ উদ্ধাৰ হয়৷ বিশ্বনাথ জিলাৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত চেৰেলীয়া গাঁৱৰ এটি ২ বছৰীয়া শিশুৰ সলিল সমাধি ঘটাত শোকৰ ছাঁ পৰে৷ সোমবাৰে পুৱা ৮.৩০ বজাত সলিল সমাধি ঘটে৷ জানিব পৰা মতে, পুৱা শোৱাপাটি এৰিয়েই গৌৰৱ ভূমিজ নামৰ ২ বছৰীয়া শিশুটিয়ে উমলি থাকোতেই পুখুৰীত পৰি অকালতে মৃত্যুক সাৱটি লয়৷