
লংকাঃ পৃথিৱীৰ ভিতৰতে এনে ধৰনৰ ৰোগৰ এয়া চাৰি নম্বৰ ঘটনা৷ শিশুটোৰ হৃদপিণ্ডত থাকিবলগীয়া চাৰিটা ভাল্ভৰ দুটা নাই৷ এই মন্তব্য আছিল মুম্বাইৰ কোকিলাবেন ধীৰু ভাই আম্বানি হস্পিতালৰ চিকিৎসক ডাঃ এছ ৰঞ্জন মহান্তিৰ৷ এই মন্তব্য কৰিছিল অসমৰ এগৰাকী এমহীয়া কেচুৱাক স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত৷ হোজাই জিলাৰ লংকাৰ এমহীয়া এটি শিশুৱে মৃত্যুৰ সৈতে যুঁজ দিছে।
অথচ শিশুটোৰ পিতৃয়ে জটিল ৰোগত আক্ৰান্ত শিশুটোক গুৰুত্ব আৰোপ নকৰাত একামাত্ৰ মাতৃয়ে হাহাকাৰ কৰিছে কেচুৱাটোৰ বাবে৷ যিটো সময়তে মাতৃয়ে কেচুৱাটোক কোলাত লৈ ইপাল সিফাল কৰি চিকিৎসাৰ বাবে ঘুৰি ফুৰিছে সেই সময়তে পিতৃয়ে একপ্ৰকাৰ আত্মগোপণ কৰিছে৷ জানিব পৰা মতে, যোৱা ১২ অক্টোবৰত হোজাই জিলাৰ ৰিতিকা মুণ্ডা কাবৰা নাম মহিলাগৰাকীয়ে নগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত জন্ম দিয়ে কৌশল কাবৰা নামৰ কেচুৱাটোক৷
জন্মৰ দিনৰ পৰাই কেচুৱাটোৱে শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হয়৷ শিশুটোৰ মাতৃয়ে পিতৃৰ পৰিয়ালৰ লোকে শিশুটোক চিকিৎসকক দেখুওৱাত হৃদপিণ্ডৰ জটিল ৰোগত আক্ৰান্ত বুলি অৱগত হয়। যোৱা ৪ নৱেম্বৰত শিশুটোক গুৱাহাটীলৈ লৈ আনে মাতৃয়ে তথা মাতৃৰ পৰিয়ালে৷ গুৱাহাটীত মুম্বাইৰ কোকিলাবেন ধীৰু ভাই আম্বানি হস্পিতেলৰ চিকিৎসক ডাঃ এছ ৰঞ্জন মহান্তিক দেখুৱাই। প্ৰখ্যাৎ হৃদৰোগ বিশেষজ্ঞগৰাকীয়ে কেচুৱাটোক পৰীক্ষা কৰি চিন্তিত হৈ পৰে৷ চিকিৎসকগৰাকীয়ে ১৯৮০ চনৰ পিচত এনেধৰনৰ ৰোগী তেওঁ দ্বিতীয় বাৰ দেখিলে বুলি কয়।
চিকিৎসকগৰাকীৰ মতে পৃথিৱীৰ ভিতৰতে এনে ধৰনৰ ঘটনা চাৰি নম্বৰটো হ’ল বুলি কয়। হৃদপিণ্ডত চাৰিটা ভাল্ভ থাকিব লাগে যদিও কেচুৱাটোৰ দুটা হে থকা বুলি চিকিৎসকগৰাকীয়ে প্ৰকাশ কৰে৷ যি দুটা ভাল্ভ আছে সেয়াও ওলোটাকৈ আছে৷ গুৱাহাটীৰ জিএনআৰচিত শিশুটোক পৰীক্ষা কৰি মুম্বাইৰ পৰা অহা চিকিৎসকগৰাকীয়ে জটিল অস্ত্ৰোপচাৰৰ দ্বাৰা কেচুৱাটোক সুস্থ কৰিব পৰা যাব যদিও ব্যয়বহুল খৰছ হ’ব বুলি কয়। কেচুৱাটোক বাংগালুৰুলৈ নি উন্নত চিকিৎসাৰ কৰৰা পৰামৰ্শ দিয়ে ডাঃ এছ ৰঞ্জন মহান্তিয়ে। শেহতীয়াকৈ বিভিন্ন মহলৰ পৰা অৱগত হৈ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে কেচুৱাটোক চিকিৎসাৰ পদক্ষেপ গ্ৰহন কৰিছে।
কেচুৱাটোক মাতৃ ৰিতিকাই অকলেই আৰোগ্য কৰিবলৈ উন্নত চিকিৎসাৰ বাবে যুঁজ দি আছে। ৰিতিকাৰ ২০১৫ বৰ্ষৰ ২১ এপ্ৰিলত হাইদৰাবাদৰ বিকাশ কাবৰাৰ লগত বিয়া হৈছিল। বিয়াৰ কিছু মাহৰ পিছত ৰিতিকাই একমাহৰ বাবে হোজাই জিলাৰ লংকাৰ পিতৃ গৃহলৈ আহিছিল। সেই সময়ত ৰিতিকা চাৰি মাহৰ গৰ্ভাৱতী আছিল। কিন্তু ইয়াৰ পিছৰ পৰাই ৰিতিকাৰ স্বামী আৰু স্বামীৰ পৰিয়ালৰ লোকে ৰিতিকাৰ খবৰ লবলৈ এৰি দিয়ে। ৰিতিকাক পুনৰ হাইদৰাবাদলৈ নিয়াটো দূৰৈৰ কথা টেলিফোনৰে যোগাযোগ কৰিবলৈ এৰি দিয়ে স্বামীয়ে।
ৰিতিকাই ফোন কৰিলে ফোন ৰিচিভ নকৰে। যোৱা ১২ অক্টোবৰত ৰিতিকাই এটি সন্তান জন্ম দিয়ে। সন্তান জন্মৰ আনন্দ উপভোগ কৰিবলৈ নৌপাওতেই কেচুৱাটোক জটিল ৰোগৰ খবৰে পুনৰ আঘাত দিয়ে অসহায় মহিলাগৰাকীক৷ ইয়াৰ মাজতেই ৰিতিকাই স্বামীৰ পৰিয়াললৈ ফোন কৰি মানৱতাৰ খাতিৰত জটিল ৰোগত আক্ৰান্ত কেচুৱাটোক চাই যাবলৈ পিতৃক আহ্বান জনায় যদিও সহাৰি নাপালে। চিকিৎসকৰ মতে কেচুৱাটোৰ দেহলৈ অক্সিজেনৰ যোগান হৃদপিণ্ডই খুবেই কমকৈ ধৰি আহিছে।
যিকোনো মূহূৰ্ততে দুৰ্ঘটনা সংঘটিত হব পাৰে।কিছুদিন নগাঁৱৰ এখন চিকিৎসালয়ত কেচুৱাটোক চিকিৎসকে নিৰীক্ষণত ৰখাৰ পিচত দুটা দিন পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু স্বাস্থ্য বিভাগে ১০২ সেৱাৰ এম্বুলেন্সৰে কেচুৱাটোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে। তাত কেচুৱাটোক নিৰীক্ষণত ৰখাৰ পিচত অক্সিজেনৰ যোগান উন্নত হলে অহা ১৭ নৱেম্বৰত এয়াৰ এম্বুলেন্সৰ জৰিয়তে কেচুৱাটোক বাংগালুৰুলৈ লৈ যাব। শিশুটোৰ চিকিৎসাকে ধৰি অন্যান্য খৰচৰ বাবদ কেইবা লক্ষাধিক টকা ব্যয় হব।
এখন সামান্য হোটেল দি জীৱন নিৰ্বাহ কৰা ৰিতিকাৰ পিতৃৰ বাবে এই ব্যয় বহন কৰাটো সম্ভৱ নহয়। ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই কেচুৱাটোক বহিঃ ৰাজ্যত চিকিৎসা কৰোৱাৰ সকলো পদক্ষেপ গ্ৰহন কৰিছে। ইপিনে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক অজিত মহেশ্বৰীৰ তৎপৰতাত নগাঁও জিলা মহেশ্বৰী সভা তথা পূৰ্বোত্তৰ মহেশ্বৰী সভাই মন্ত্ৰী ৰতনলাল চিতলংগীয়া, জগদীশ ধৰক, বানোৱাৰীলাল বিৰলা, ৰাজকুমাৰ চৌমানী, মদন গোপাল সিংঘী, সীতাৰম বিহানী আদিয়ে স্বাস্থ্য বিভাগৰ লগত যোগাযোগ ৰক্ষা কৰি আছে।