কান্দিছে কণমানিয়ে, তিনিচুকীয়াৰ শিক্ষয়িত্ৰীয়ে সৰ্বনাশ কৰিলে নাবালিকাৰ জীৱন

গুৱাহাটীঃ নাৰীক স্বাভিমানৰ প্ৰতীক হিচাপে গণ্য কৰে অসমীয়া সমাজে। কোনো নাৰীয়েই আত্মমৰ্যদা একাষৰীয়াকৈ থৈ আনৰ ঘৰত বন কৰিবলৈ মানসিকভাৱে প্ৰস্তুত নহয়। কিন্তু জীৱনৰ কঠিন বাস্তৱৰ সৈতে মুখামুখি হোৱা একাংশ কিশোৰী তথা মহিলাই জীৱন-যৌৱন বন্ধকত থৈ আনৰ ঘৰত বন কৰিবলৈ বাধ্য হৈ পৰে। আনৰ ঘৰত কাম কৰা কিশোৰী মহিলাৰ কেনে পৰিবেশৰ সন্মুখীন হয় সময়ে সময়ে প্ৰচাৰ হৈ আহিছে৷

মালিক-মালিকনীৰ অত্যাচৰাৰ সন্মুখীন হৈ হাহাকাৰ কৰিব লগা হয়৷  দুখ লগা তথা ভয়াবহ ছবিখন চকুৰে চাব নোৱাৰি৷ তেনেই এক ঘটনা সংঘটিত হৈ আহিছে তিনিচুকীয়া জিলাত৷ এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত নিজ বিদ্যালয়ৰ ছাত্ৰী-কিশোৰীক কাম কৰা হিচাপে ৰাখি শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হয়৷ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকীয়ে অত্যাচাৰৰ সকলো সীমা অতিক্ৰম কৰে৷

প্ৰতিদিনে শাৰীৰিক অত্যাচাৰ কৰাৰ ফলত কিশোৰীগৰাকীৰ দেহৰ বিভিন্ন ঠাইত ঘাৰ সৃষ্টি কৰে৷ কিশোৰীগৰাকীক আপুনি চকুৰে চাব নোৱাৰে৷ তেনে দৃশ্য চাই আপুনি প্ৰত্যক্ষ কৰিলে সাত শত্ৰুৰো তেনে নকৰাৰ বাবে কামনা কৰিব লাগিব৷

তিনিচুকীয়া জিলাৰ বৰডুমছা আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী শিক্ষয়িত্ৰীৰ বৰ্বৰ কাণ্ডই সকলোৰে চকু কপালত উঠিছে৷ জিলাখনৰ পুৰণি পুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী লুচি দুৱৰা ভূঞাই তেওঁৰ বিদ্যালয়তে অধ্যয়নৰত এগৰাকী কণমানিক নিজ ঘৰতে বনকৰা কিশোৰীক হিচাপে ৰাখে৷ কিশোৰীগৰাকীক বহুদিনৰ পৰা শিক্ষয়িত্ৰীগৰাকীয়ে বৰ্বৰভাৱে অত্যাচাৰ চলাই আহিছিল৷

শিক্ষয়ত্ৰীগৰাকীৰ অত্যাচাৰ ইমানেই ভয়াবহ আছিল যে কণমানিজনীৰ সৰ্ব শৰীৰত আঘাতৰ চিন স্পষ্ট হৈ পৰে৷ ইফালে ঘটনাৰ পিছতে অলপতে এটা স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহায়ত আৰক্ষীয়ে কিশোৰীজনীক উদ্ধাৰ কৰি শিক্ষয়িত্ৰীগৰাকীক আটক কৰে৷ সমগ্ৰ শিক্ষক সমাজক কলংকিত কৰা শিক্ষয়ত্ৰীগৰাকীক উচিত শাস্তি দিয়াৰ দাবী জনাই কিশোৰীৰ পৰিয়ালে৷