
newsnextone.com | গুৱাহাটীঃ যোৱা ৭ মে’ত গুৱাহাটীত যুটীয়া সংসদীয় সমিতিয়ে অনুষ্ঠিত কৰা শুনানিত অসম গণ পৰিষদ দলে মিত্ৰ জোঁটত থকাৰ পিছতো সদলবলে গৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য দান কৰে৷ দলটোৰ অন্যতম বোতা প্ৰক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মা, মন্ত্ৰী দলৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত আদি উপস্থিত হৈ সাক্ষ্য প্ৰদান কৰে৷
ৰাজ্যৰ একাংশ ব্যক্তি বিশেষ আৰু দল-সংগঠনে অগপক অসম ফলশ্ৰুতিত জন্ম লাভ কৰা দল এটাই অসমত বাংলাদেশী সংস্থাপন কৰিব খোজা বিজেপি দলৰ সৈতে মিত্ৰ জোঁটক চৰকাৰ চলাই থকা কাৰ্যক ধিক্কাৰ দি অবাৰ সময়তে এইবাৰ দলটোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিঘৰ মানুহৰ ঘৰলৈ যোৱাৰ সংকল্প গ্ৰহণ কৰিছে৷
প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ দলটোৱে ৰাইজক সজাগ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে জনমত গঠন কৰিব বুলি কয়৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শনিবাৰৰ পৰা গণ স্বাক্ষৰ অভিযান আৰম্ভ কৰে অগপয়। ৩০ মে’ পৰ্যন্ত সমগ্ৰ ৰাজ্যত অগপৰ জিলা, আঞ্চলিক সমিতিয়ে গণ স্বাক্ষৰ অভিযান চলাব৷ আনহাতে অসম অসম গণ পৰিষদৰ গণস্বাক্ষৰ অভিযানত ভাতৃ-ভগ্নী সংগঠনসমূহে সহযোগ কৰা দেখা যায়৷
আনহাতে শনিবাৰে অখিল গগৈয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটী আৰু ৰাজ্যৰ কেইবাঠাইত গণ সমাবেশ অনুষ্ঠিত কৰি এই বিধেয়কৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিব বুলি কয়৷ প্ৰথমে গুৱাহাটীত নগাঁও, শোণিতপুৰ, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু বৰপেটাত আদি ঠাইত বিশাল গণ সমাবেশ অনুষ্ঠিত কৰিব বুলি কয়৷ গুৱাহাটীৰ খানাপাৰত প্ৰায় ১ লাখ মানুহখ উপস্থিত কৰিব বুলি কয়৷
কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেওবাৰৰ পৰা সজাগতা অভিযান চলাব বুলি কয়। দেওবাৰে পুৱাৰে পৰা মহানগৰীৰ বেলতলা বজাৰত প্ৰচাৰ পত্ৰ বিতৰণ কৰি এই অভিযান আৰম্ভ কৰিব বুলি কয় অখিলে৷ কৃষক মুক্তিৰ প্ৰতিজন সদস্য ঘৰে ঘৰে গৈ হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে ৰাইজক একোখনকৈ প্ৰচাৰ পত্ৰিকা দিব বুলি কয়৷