চাবুৱাত অতুল বৰাৰ প্ৰতিকৃতি দাহ

চাবুৱাঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি চাবুৱাত কৃষিমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ এজন সদস্যক নিজ মইমতালিৰে গ্ৰেপ্তাৰ কৰাৰ পিছতে সংগঠনটোৱে এই কাৰ্যসূচী হাতত লয়।

উল্লেখ্য যে, বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলক স্বজন-তোষণ নীতিৰে সুহৃদ আঁচনিৰ জৰিয়তে বৈষম্যমূলকভাৱে জলপানি দিয়াৰ পৰিৱৰ্তে মেধাভিত্তিত জলপানি প্ৰদানৰ দাবীত গোলাঘাট জিলাৰ বোকাখাত মহকুমাতসগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ছাত্ৰ মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই। সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পৰাৰ পিছতে বিদ্যুৎ শইকীয়াই সংগঠনৰ এজন কৰ্মীৰ ঘৰত জিৰণি লৈ থকাৰ সময়ত কৃষি মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত অসম আৰক্ষীয়ে ১৪৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে।

মন্ত্ৰীগৰাকীৰ এনে কাৰ্যৰ প্ৰতিবাদত সংগঠনটোৱে কৃষিমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষি মন্ত্ৰী অতুল বৰাক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক লক্ষ্যজ্যোতি গগৈয়ে অনাগত দিনত তেনে নকৰিবলৈকো সকীয়নি প্ৰদান কৰে।