ডিব্ৰুগড়ত অখিলক মুক্তি দিয়াৰ দাবীত প্ৰতিবাদ

চাবুৱাঃ কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা ৰাজ্যত আজিও অব্যাহত আছে প্ৰতিবাদ৷ বিভিন্ন দল-সংগঠনে কৃষক নেতাগৰাকীক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত ৰাজ্যৰ ৰাজ পথ উত্তাল কৰি ৰাখিছে৷

আজি ডিব্ৰুগড়ত কেইবাশতাধিক লোক ৰাজ পথলৈ ওলাই আহি অখিলক মুক্তি দিয়াৰ দাবী জনায় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ ১০০ ঘন্টা পাৰ হোৱাৰ পিছতো ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে দল-সংগঠনে৷