
গুৱাহাটীঃ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত গুৱাহাটী মহানগৰীত সমবেত হ’ল হাজাৰ হাজাৰ লোক৷ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত উজনি-নমণিৰ পৰা ৰেল-বাছ যোগে সমবেত হয় হাজাৰ হাজাৰ লোক৷
কৃষকৰ সমস্যা তথা ৰাজ্যৰ প্ৰতিটো সমস্যা, চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মাতি অহা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদ ৰাজ্যৰ ভিন্ন ঠাইত প্ৰতিবাদ হৈ আহিছে যদিও কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে কেন্দ্ৰীয় ভাবে প্ৰতিবাদ কৰা নাছিল৷

ডিব্ৰুগড় জিলা আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা ২০ দিন পুৰ্বে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত ৰাজ্যজুৰি একাংশ সংগঠনে উত্তাল প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে বুধবাৰে গুৱাহাটী মহানগৰী উত্তাল কৰে হাজাৰ হাজাৰ লোকে৷ ২৮ ছেপ্তেম্বৰত অখিলৰ মুক্তিৰ দাবীত দেশৰ ৰাজধানী দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে আজি ৰাজ্যৰ ৰাজধানী উত্তাল হৈ পৰে৷ চৰকাৰ তথা বিজেপি বিৰোধি বিভিন্ন শ্ল’গানেৰে হাজাৰ হাজাৰ লোকে উত্তাল কৰে গুৱাহাটী মহানগৰী৷
ৰাজ্যৰ হাজাৰ হাজাৰ লোকে বিভিন্ন প্ৰান্তৰ পৰা ৰেল আৰু বাছ যোগে গুৱাহাটী মহানগৰীত উপস্থতি হয় যদিও ৰাজ্যৰ প্ৰশাসনে কৃষক মুক্তিৰ সমৰ্থকক বিভিন্ন জিলাত পথত বাধা আৰোপ কৰাৰ অভিযোগ উত্থাপন কৰে৷ ঠায়ে ঠায়ে ১৪৪ ধাৰা লগাই সমাবেশলৈ অহা লোকক বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে কৃষক মুক্তিৰ একাংশ নেতাই৷ অসম চৰকাৰে কৃষক মুক্তিক ভয় কৰি অসম আৰক্ষীৰ হতুৱাই বিভিন্ন ঠাইত ১৪৪ ধাৰা লগাই প্ৰতিবাদকাৰীক আটক কৰা বুলিও অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।

বিশেষকৈ গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত প্ৰায় দুই শতাধিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাপুৰুষৰ দৰে আচৰণ কৰা বুলিও গুৰুতৰ অভিযোগ কৰে সংগঠনটোৱে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কৃষক নেতা অখিল গগৈক মুক্তি দিয়াৰ লগতে অবৈধ হিন্দু নাগৰিকক সংস্থাপনৰ বিৰোধিতা কৰে৷ উজনিৰ পৰা ৰেল যোগে যোৱা ২৪ ঘন্টাত কেবা হাজাৰ লোকে গুৱাহাটীত আহি উপস্থিত হোৱাৰ লগতে বহু পুৰুষ মহিলাই কেবাখনো ৰেলত থিয় দি গুৱাহাটীলৈ আহিব লগা পৰিবেশৰ সৃষ্টি হয়৷
ৰাজ্যৰ গৃহ বিভাগে প্ৰথমে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তাৰ পিছতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি পুনৰ আটক কৰে অখিলক৷ ৰাষ্ট্ৰদ্ৰোহ তথা ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধিনত গ্ৰেপ্তাৰ কৰা অখিলক মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে একাংশ দল-সংগঠনে।