
চাবুৱাঃ যোৱা ১৩ ছেপ্তেম্বৰত কৃষক নেতা অখল গগৈক আটক কৰাৰ পাছৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যজপৰি প্ৰতিবাদ অব্যাহত ৰাখিছে৷ অখিলক মুক্তি দিয়াৰ দাবীত প্ৰতিদিনে সংগঠনটোৱে ৰাজপথ উত্তাল কৰি ৰাখিছে৷
ৰাজ্য চৰকাৰে কৃষক নেতাজনৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি জেলত বন্দী কৰাৰ প্ৰতিবাদত সোমবাৰেও ডিব্ৰুগড় জিলাৰ উপাযু়ক্তৰ কাৰ্যলয়ৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে এক বিশাল গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়া, নাগৰিকত্ব (সংশোধনি) বিধায়ক ২০১৬ বাতিল কৰা, নামনি সোঁৱণশিৰি জলবিদ্যুৎ তথা বৃহৎ নদীবান্ধ বন্ধ কৰা, ফ্ৰেমৱাৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰা, ৰাজ্য চৰকাৰৰ নতুন সুৰা নীতি বাতিল কৰা, থলুৱা লোকক মাটি প্ৰদান কৰা, চাহ শ্ৰমিকৰ মজুৰি ৪০০ টকালৈ বৃদ্ধি কৰাৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই৷
কেবাশতাধিক লোকে ১১.৩০ বজাত ডিব্ৰুগড় সাহিত্য সভা ভৱনৰ সন্মুখৰ পৰা এক সমদল কৰি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত চৰকাৰ বিৰোধি শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ প্ৰতিবাদস্থলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ উপস্থিত থাকে। প্ৰতিবাদকাৰীসকলে ডিব্ৰুগড় জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰও প্ৰদান কৰে।